নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ নলাত ছুপাৰ ছকাৰ : ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা

বিশেষ বাৰ্তা, ২ ফেব্ৰুৱাৰী : এক অভিনৱ পদক্ষেপৰে অগ্ৰসৰ হৈছে ডিব্ৰুগড় পৌৰসভা।এতিয়াৰে পৰা চহৰৰ নলাসমূহত আৰু দেখা নাপাব জাবৰ, প্লাষ্টিক, বটল বা উপঙি থকা অনান্য সামগ্ৰী। সকলো নলাৰ পানী পৰিষ্কাৰভাৱেই নিষ্কাশন হ’ব। ডিব্ৰুগড় পৌৰসভাই ‘ছুপাৰ ছকাৰ’ মেচিনৰ জৰিয়তে প্ৰায় ৯.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডিব্ৰুগড় টাউন প্ৰটেকচন (ডিটিপি) ড্ৰেইন পৰিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণেৰে কৰ্মত লাগি পৰা পৰিলক্ষিত হৈছে। নিতান্তই এয়া চহৰবাসীৰ বাবে সুখবৰ। বছৰ বছৰ ধৰি চহৰৰ কিছু নিৰ্দিষ্ট অঞ্চলৰ বাসিন্দা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানে আৱৰ্জনাসমূহ নিৰ্বিচাৰে চহৰৰ মূল সুৰক্ষা নলাটোত পেলাই অহাত জাবৰেৰে পৰিপূৰ্ণ হৈ পানী নিষ্কাশনত বহু অসুবিধাৰ সৃষ্টি কৰাই নহয়, বাৰিষাৰ সময়ত জল নিষ্কাশনত বহু আহুকালৰ পৰিৱেশৰে চহৰখন কৃত্ৰিম বানৰ কবলত পৰিছিল। আজি চহৰৰ ক’ল ৰোড অঞ্চলৰ নলা পৰিষ্কাৰ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে উন্নত ছুপাৰ ছকাৰ মেচিনসমূহ কামত লগোৱা হয়। য’ত প্লাষ্টিকৰ সামগ্ৰী, বটল, কাৰ্টন আৰু পেলনীয়া কাগজকে ধৰি ভাসমান আৱৰ্জনাসমূহ নিষ্কাশন কৰা হয়। চহৰৰ সেউজপুৰৰ পৰা (শূন্য বিন্দু) উৎপত্তি হোৱা ডিটিপি নলাটোৱে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ ঘন জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে পাৰ হৈ চেঁচা নদীত মিলিত হোৱাৰ পূৰ্বে মুঠ ৯.৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। প্ৰায় ৫.৬৫ কিলোমিটাৰ নলাটোৰ এটা উল্লেখযোগ্য অংশ ডিব্ৰুগড় চহৰৰ সীমাৰ ভিতৰত পৰে আৰু আনহাতে বাকী ৩.৮৫ কিলোমিটাৰ অংশ চহৰৰ বাহিৰৰ অঞ্চলত অৱস্থিত। নলাটোৰ চহৰৰ অংশটো দুৰ্ভাগ্যজনকভাৱে কিছু পৰিয়াল আৰু একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে ডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰিত হৈছিল। যাৰ ফলত পানীৰ প্ৰবাহত বহু প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছিল। আজি ডিব্ৰুগড় পৌৰসভাৰ উপ-পৌৰপতি উজ্জ্বল ফুকন আৰু কাৰ্যবাহী বিষয়া নভাছ দাসৰ নিৰ্দেশনাত এনে চাফাই অভিযান চলোৱা হয়।বাৰিষাৰ সময়ত নলাসমূহত পানী জমা হোৱা সমস্যা দূৰ কৰিবলৈ নলাটোৰ সমগ্ৰ দৈৰ্ঘ্যত ছুপাৰ ছকাৰ মেচিনসমূহ নিয়োগ কৰাৰ পৰিকল্পনা প্ৰকাশ কৰে বিষয়াসহ উপ-পৌৰপতিগৰাকীয়ে। ছুপাৰ ছকাৰ মেচিনৰ ব্যৱহাৰে আৱৰ্জনাসমূহ অতি ফলপ্ৰসূভাৱে আঁতৰাবলৈ সক্ষম হ’ব আৰু ড্ৰেইনৰ পানীৰ মসৃণ প্ৰবাহ নিশ্চিত কৰিব বুলিও পৌৰ বিষয়াগৰাকীয়ে সদৰী কৰি কয় যে বাৰিষাৰ সময়ত ডিব্ৰুগড় যাতে পানী জমা হোৱাৰ পৰা মুক্ত হয়। এই পদক্ষেপৰ পূৰ্বে ডিব্ৰুগড় পৌৰসভাই ডিব্ৰুগড় চহৰৰ নলা আৰু ৰাজহুৱা স্থানৰ ওপৰত আৱৰ্জনা পেলোৱা আৰু জাবৰ পেলোৱাক লৈ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল। যাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছিল ডিব্ৰুগড় পৌৰসভাই। বৰ্তমানে ৰাজহুৱা স্থানত আৱৰ্জনা পেলাই ধৰা পৰা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহে ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হৈছে। এই জৰিমনা ব্যৱস্থাত আৱৰ্জনা ব্যৱস্থাপনা নিয়ম ২০১৬ অনুসৰি ২০ হাজাৰ টকাৰ পৰিৱেশ ক্ষতিপূৰণৰ চাৰ্জ লোৱাৰ উপৰি চাফাই আৰু নিষ্কাশন মাচুলৰ বাবদ ৫ হাজাৰ টকা ধাৰ্য কৰা হৈছে। স্বাভাৱিকতে ডিব্ৰুগড়ৰ পৌৰসভাৰ এনে কৰ্মক সকলোৱে শলাগ লৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like