নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ হেলিকপ্টাৰত মাদ্ৰাছাৰ ভাগিন

নিয়মীয়া বাৰ্তা,  ২ ফেব্ৰুৱাৰী : আজি কাজিৰঙাৰ বাগৰিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত উঠালে মাদ্ৰাছাত অধ্যয়নৰত ভাগিনক। তথ্য অনুসৰি, কালি কাঞ্চনজুৰিত থকা গৃহলৈ ব্যক্তিগত কামত আহিছিল মুখ্যমন্ত্ৰীগৰাকী। তেওঁ অহা হেলিকপ্টাৰখন বাগৰিৰ অস্থায়ী হেলিপেডতে ৰখা হৈছিল। আজি পুনৰ গুৱাহাটী অভিমুখে উৰা মৰাৰ বাবে অস্থায়ী হেলিপেডত আহি উপস্থিত হোৱাৰ সময়তে কুঠৰী মাদ্ৰাছাত অধ্যয়নৰত একাংশ ছাত্ৰ উক্ত স্থানত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ চাবলৈ উপস্থিত হয়। তেনে সময়তে মাদ্ৰাছাৰ ছাত্ৰৰ ২০ জনীয়া দলটোৱে মুখ্যমন্ত্ৰীৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰে। প্ৰথমে ছাত্ৰসকলক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিছিল যদিও মুখ্যমন্ত্ৰীয়ে নিজেই ছাত্ৰসকলৰ সৈতে কথা-বতৰা পাতে। উল্লেখ্য যে কুঠৰী মাদ্ৰাছা এখন অতি পুৰণি মাদ্ৰাছা। মুখ্যমন্ত্ৰীজনৰ সৈতে হোৱা বাৰ্তালাপত ছাত্ৰসকলে ইয়াত ধৰ্মীয় শিক্ষাৰ উপৰি অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান আদিৰো নিয়মীয়া পাঠদান হয় বুলি জনায়। আনহাতে, ছাত্ৰসকলে হেলিকপ্টাৰত উঠাৰ আশা ব্যক্ত কৰাত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক হেলিকপ্টাৰৰ ভিতৰলৈ যাবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠাৰ সুযোগো লাভ কৰিলে এইসকল ভাগিনে। মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছা শিক্ষা ব্যৱস্থাৰ বুজ লোৱাৰ লগতে সোনকালে মাদ্ৰাছালৈ অহাৰ প্ৰতিশ্ৰুুতি দিয়ে। মুখ্যমন্ত্ৰীক কাষত পাই আনন্দৰ সীমা নাই কুঠৰী মাদ্ৰাছাৰ ছাত্ৰসকলৰ। মামাক আজি নিচেই ওচৰৰ পৰা লগ পাই আনন্দত আত্মহাৰা হোৱা কণ কণ ছাত্ৰসকলে হেলিকপ্টাৰত উঠাটো সৌভাগ্য বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীক মাদ্ৰাছাখনলৈ আহিবলৈ অনুৰোধ জনোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্যৰ বাবে দোৱা কৰে ছাত্ৰসকল আৰু জোনাব তথা মাদ্ৰাছাৰ শিক্ষকসকলে।

 

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like