জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা
নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ পৰাগ কুমাৰ দাস এগৰাকী নির্ভীক আপোচবিহীন সাংবাদিক আৰু জাতিপ্রেমী ব্যক্তি আছিল৷ –এই মন্তব্য তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট লেখক চন্দন কুমাৰ শর্মাৰ৷ সোমবাৰে গুৱাহাটী প্রেছ ক্লাবত পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ২০২০ প্রদানৰ বাবে আয়োজন কৰা পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা প্রদান কৰি অধ্যাপক চন্দন কুমাৰ শর্মাই কয়– ‘পৰাগ কুমাৰ দাসে নিজৰ সচ্ছল জীৱন এৰি সাংবাদিকতাৰ ক্ষেত্রখনত ভৰি থৈ এক সংগ্রামী জীৱন বাছি লৈছিল৷ বহু কর্মব্যস্ততাৰ মাজতো সময় উলিয়াই ‘আগান’ নামৰ কাকতখন উলিয়াইছিল৷ বহুতে ক’ব খোজে পৰাগ কুমাৰ দাস এজন উগ্র জাতীয়তাবাদী আছিল৷ কিন্তু পৰাগ কুমাৰ দাস উগ্র জাতীয়তাবাদী নাছিল৷ তেওঁ জাতীয়তাবাদী আছিল৷ দিল্লীত চাকৰি কৰি থাকোঁতে পৰাগ কুমাৰ দাসে ‘অসমীয়া কোন’ শীর্ষক প্রবন্ধ লিখিছিল৷ অসমীয়া জাতি বুলি ক’লে তেওঁ জনজাতি, জনগোষ্ঠী সকলোকে লৈ বহল অর্থত গ্রহণ কৰিছিল৷ আনহাতে, প্রতিবাদী আপোচহীন সাংবাদিক হিচাপে পৰাগ কুমাৰ দাসে আপোচহীনভাৱে লিখা–মেলা কৰিছিল৷ তেওঁ পুঁজিবাদীক আক্রমণৰ লক্ষ্য কৰি লৈছিল৷ সচেতনভাৱে তেওঁ বৃহৎ পুঁজিবাদী গোষ্ঠীৰ আগ্রাসন–শোষণৰ বিৰুদ্ধে লিখিছিল৷ পুঁজিবাদীৰ আগ্রাসন ৰোধৰ বাবে পৰাগ কুমাৰ দাসে লেখাৰ জৰিয়তে অসমীয়াক হাতে–কামে লাগিবলৈ আহ্বান জনাইছিল৷ তেওঁ বিশেষকৈ চাহ খেতি আৰু বাঁহ খেতি কৰিবলৈ আহ্বান জনাইছিল৷ কাৰণ অসমৰ চাহ খেতি পুঁজিবাদীৰ নিয়ন্ত্রণত আছিল৷ এনেদৰেই তেওঁ অর্থনৈতিক স্বাৱলম্বিতাৰ কথা কৈছিল৷ তেওঁ জাতীয় পুঁজি গঠনৰ ক্ষেত্রতো নিজৰ লেখাৰ জৰিয়তে গুৰুত্ব আৰোপ কৰিছিল৷’ বিশিষ্ট শিক্ষাবিদ ড০ শিৱনাথ বর্মনৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অধ্যাপক শর্মাই লগতে কয়– নিৰাপদ দূৰত্বত থাকি লিখা–মেলা কৰা আৰু সাংবাদিক হিচাপে জটিল বিষয়ক লৈ তাৎক্ষণিক আৰু নিৰৱচ্ছিন্নভাৱে লিখা–মেলা কৰা একে কথা নহয়৷ তেওঁ অসমৰ জাতীয় জীৱনক আক্রান্ত কৰা বিভিন্ন সমস্যাক লৈ তেওঁ নিজৰ বিশ্লেষণ আগবঢ়াইছিল৷ জাতীয় জীৱনৰ বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হৈ তাৰ সমাধানৰ এটা বাট মুকলি কৰি দিয়াৰ চেষ্টা কৰিছিল৷ আজিও জাতীয় জীৱনৰ সন্মুখত বহুত জটিল প্রশ্ণ আছে, বহু প্রত্যাহ্বান আছে৷ ‘মই ভাবো পৰাগ কুমাৰ দাস যদি আজি জীয়াই থাকিলহেঁতেন, তেওঁ জাতীয় জীৱনৰ সন্মুখলৈ আহি পৰা প্রত্যাহ্বানসমূহক এজন সাংবাদিক বা বুদ্ধিজীৱী হিচাপে সমাধানৰ বাট উলিওৱাৰ নিৰলস প্রচেষ্টা হাতত ল’লেহেঁতেন৷এগৰাকী জাতিপ্রেমী ব্যক্তি হিচাপে তেওঁ লেখাৰ জৰিয়তে ইতিবাচক পদক্ষেপ গ্রহণ কৰিলেহেঁতেন৷ সেয়ে পৰাগ কুমাৰ দাসৰ অর্থনৈতিক দর্শন, ৰাজনৈতিক দর্শন আদিক লৈ আজিও নতুনকৈ চিন্তা কৰাৰ প্রাসংগিকতা আছে৷ তেওঁৰ লেখাসমূহৰ পৰা শিকিবলগীয়া বহুতো ইতিবাচক দিশ আছিল৷ গতিকে পৰাগ কুমাৰ দাসৰ ইতিবাচক দিশ আৰু তেওঁৰ আদর্শলৈ আমি আগবাঢ়ি যাব লাগিব৷’ এইদৰে কয় চন্দন কুমাৰ শর্মাই৷ অনুষ্ঠানত পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ২০২০ প্রদান কৰা হয় ‘দৈনিক অসম’ৰ জ্যেষ্ঠ সাংবাদিক, গল্পকাৰ বিতোপন বৰবৰাক৷ বঁটা প্রদান কৰে ‘প্রান্তিক’ৰ সম্পাদক প্রদীপ বৰুৱাই৷ বঁটাত আছে স্মাৰক, সম্বর্ধনা পত্র আৰু নগদ ২৫ হাজাৰ টকা৷ বঁটা প্রদান কৰি প্রদীপ বৰুৱাই বঁটা প্রাপকক শুভেচ্ছা জনায়৷ তেওঁ কয়– পৰাগ কুমাৰ দাসৰ লগত মোৰ ঘনিষ্ঠ সম্পর্ক আছিল৷ তেওঁ মোৰ পুত্রসম আছিল৷ আমাৰ দুয়োৰে পথ প্রায় একে আছিল যদিও নীতি বেলেগ আছিল৷ তেওঁ উগ্র জাতীয়তাবাদী নাছিল৷ তেওঁ জাতীয়তাবাদী আছিল৷ পৰাগ কুমাৰ দাস অমৰ হওক৷ জ্যেষ্ঠ সাংবাদিক বেদব্রত বৰাই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই ভাষণ দি অসমৰ জাতীয় প্রেক্ষাপটত পৰাগ কুমাৰ দাসৰ চিন্তা–চর্চা, লেখাৰ জৰিয়তে আগবঢ়োৱা বিশ্লেষণৰ কথা কৈ শেষ কৰিব নোৱাৰি বুলি মন্তব্য কৰে৷ খুব কম সময়তে পৰাগ কুমাৰ দাসে বহু ভাল কাম কৰি থৈ গ’ল বুলি উল্লেখ কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয়– ‘বর্তমানৰ জাতীয় প্রশ্ণত পৰাগ কুমাৰ দাসৰ প্রাসংগিকতা আছে৷ তেওঁ সদায় অমৰ হৈ থাকিব৷’ অনুষ্ঠানত বঁটা গ্রহণ কৰি জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাই কয়– পৰাগ কুমাৰ সতীর্থ মঞ্চৰ উদ্যোগত আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা এই অভাজনক আগবঢ়োৱা বাবে মঞ্চৰ আটাইকে ধন্যবাদ জনাইছোঁ৷ এই কথা মই বুজোঁ যে আৱেগবিহ্বলতাৰ পৰিৱর্তে সাংবাদিক অধিক বস্তুনিষ্ঠ হোৱা উচিত৷ নিজৰ সিদ্ধান্ত যিয়েই নহওক, মই এইটো বিশ্বাস কৰোঁ যে সজাগ কুকুৰৰ দৰে ভূমিকা লৈ সমাজৰ অশুভ সকলো দিশৰ উন্মোচনেৰে সাংবাদিকে প্রতিবন্ধকৰ ভূমিকা ল’ব লাগে৷ প্রয়াত পৰাগ কুমাৰ দাসেও দেশ–জাতি–মানুহৰ প্রতি সীমাহীন কাতৰতা আৰু দায়বদ্ধতাৰে সেৱা কৰি ৰাষ্ট্রযন্ত্রৰ ষড়যন্ত্রত আত্মবলিদান দিবলগীয়া হৈছিল৷ কিন্তু এজন সৎ, নিভাঁজ দেশপ্রেমিকক যে কেৱল কায়িকভাৱেহে মাৰিব পাৰি, কিন্তু তেওঁৰ জাতিপ্রেম, আদর্শ যে অমৰ হৈ ৰয় তাৰ প্রমাণ আজিৰ নতুন প্রজন্মৰ মাজতো তেওঁৰ প্রতি পৰিলক্ষিত ভক্তিবোধ, তেওঁৰ ‘ছাংলট ফেনলা’, ‘স্বাধীন অসমৰ অর্থনীতি’ৰ দৰে গ্রন্থৰ সমাদৰে পুনৰ প্রমাণ কৰে৷ অনুষ্ঠানত ড০ শিৱনাথ বর্মনে পৰাগ কুমাৰ দাসৰ জাতীয়তাবোধ, সচেতন লেখাৰ বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানত পৰাগ কুমাৰ সতীর্থ মঞ্চৰ ধৈর্য হাজৰিকা, মনোৰম গগৈ, মনোজ কুমাৰ নাথ, পৰাগ কুমাৰ দাসৰ বায়েক ৰাজশ্রী বৰাকে ধৰি বিভিন্ন ক্ষেত্রৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভণিতে পৰাগ কুমাৰ দাসৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰি শ্রদ্ধাঞ্জলি জনোৱা হয়৷