নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত পশ্চিমবংগত গ্রেপ্তাৰ প্রৱঞ্চক মানস চলিহা

🔹 দিছপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ

🔹 ডেৰ বছৰ ধৰি কোনো সম্পর্ক নাই মানস চলিহাৰ সৈতে প্রেয়সীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ফেব্রুৱাৰী : প্রৱঞ্চক মানস চলিহাক অৱশেষত গ্রেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে৷ পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত পশ্চিমবংগ আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰে মানস চলিহাক৷ উল্লেখ্য যে আলফা (স্বাধীন)ৰ ম্যানমাৰ শিবিৰলৈ চোৰাংচোৱাগিৰিৰ বাবে মানস বৰগোহাঁই নামৰ এজন যুৱকক পঠিওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল মানস চলিহাৰ বিৰুদ্ধে৷ আলফা (স্বাধীন)ৰ হাতত ধৰা পৰা মানস বৰগোহাঁয়ে এতিয়ালৈকে এই সন্দর্ভত তিনিটা ভিডিঅ’ সংবাদ মাধ্যমলৈ প্রেৰণ কৰিছে৷ উক্ত ভিডিঅ’কেইটাত কিদৰে মানস চলিহাই তেওঁক আলফা (স্বাধীন)ৰ শিবিৰলৈ প্রশিক্ষণ দিয়াই প্রেৰণ কৰিছিল, সেই বিষয়ে স্পষ্টকৈ প্রকাশ কৰিছিল৷ উক্ত ভিডিঅ’কেইটা ৰাজ্যজুৰি সম্প্রচাৰ হোৱাৰ পাছতে প্রকৃত পৰিচয় পোহৰলৈ আহিল মানস চলিহাৰ৷ অকল এই গুৰুতৰ অভিযোগেই নহয়, মানস চলিহাৰ বিৰুদ্ধে আছে বহুকেইটা গুৰুতৰ প্রৱঞ্চনাৰ অভিযোগ৷ এই সন্দর্ভত ২০২৩ বর্ষত দিছপুৰ থানাত প্রদীপ কুমাৰ মেধি নামৰ এজন ব্যৱসায়ীয়ে মানস চলিহাৰ বিৰুদ্ধে প্রৱঞ্চনাৰ এটা গোচৰ তৰিছিল৷ ব্যৱসায়ীজনৰ পৰা কিবা ব্যৱসায়ত বিনিয়োগ কৰি লাভ দিয়াৰ প্রতিশ্রুতিৰে ৮ লাখ টকা মানস চলিহাই লৈছিল৷ কিন্তু আজিলৈকে মুনাফা দিয়াটো দূৰৰে কথা, এপইচাও মানস চলিহাই ব্যৱসায়ীজনক ওভতাই নিদিলে৷ ইয়াৰ বাদেও আলু–পিঁয়াজৰ পাইকাৰী ব্যৱসায়ৰ নামত অসমীয়া যুৱকৰ পৰা লাখে লাখে টকা মানস চলিহাই বিভিন্ন সময়ত সংগ্রহ কৰাৰ অভিযোগো উত্থাপন হৈছিল৷ ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্রীৰ ঘনিষ্ঠ বুলি অজুহাত দেখুৱাই বিভিন্নজনৰ পৰা চাকৰি, অর্গেনিক ফার্ম খুলি দিয়াৰ বাবদতো বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰিছিল মানস চলিহাই৷ শেহতীয়াকৈ আলফা (স্বাধীন)ৰ প্রসংগ উত্থাপন হোৱাৰ পাছত প্রৱঞ্চনাৰ তথ্যও ৰাজহুৱা হৈ পৰাত দিছপুৰ থানাত ৰুজু হোৱা প্রৱঞ্চনাৰ গোচৰৰ ভিত্তিতে কালি মানস চলিহাক পশ্চিমবংগত গ্রেপ্তাৰ কৰে৷ আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, বিগত কিছুদিন ধৰি দিছপুৰ থানালৈ মানস চলিহাক অহাৰ বাবে চমন জাৰি কৰিছিল আৰক্ষীয়ে৷ কিন্তু আৰক্ষীৰ চমন বিভিন্ন অজুহাতত অগ্রাহ্য কৰিছিল মানস চলিহাই৷ তাৰ পাছত যোৱা তিনি দিন ধৰি নিজৰ ম’বাইল বন্ধ ৰাখিছিল৷ গোপন সূত্রৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে পশ্চিমবংগৰ আলিপুৰদুৱাৰত মানস চলিহাৰ অৱস্থিতিৰ উমান পাই এদিন পূর্বে অসম আৰক্ষীৰ এটা দল পশ্চিমবংগলৈ প্রেৰণ কৰিছিল৷ সূত্রটোৱে সদৰী কৰা মতে, মানস বৰগোহাঁইৰ গুৰুতৰ অভিযোগৰ পাছত সামাজিক মাধ্যমকে ধৰি বিভিন্ন মাধ্যমত বহু লোকে মানস চলিহাৰ প্রৱঞ্চনাৰ বিষয়বোৰ চর্চা কৰিছিল৷ কিবা কাৰণত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব বুলি আশংকা প্রকাশ কৰি অতি চতুৰ মানস চলিহাই পশ্চিমবংগলৈ পলায়ন কৰে৷ আজি দুদিন পূর্বে দেৰগাঁৱৰ পৰা গুৱাহাটীলৈ আহি যোৰাবাট হৈ মেঘালয়ৰ শ্বিলঙৰ মাজেৰে গোৱালপাৰাত উপস্থিত হৈছিল মানস চলিহা৷ তাৰ পৰা ধুবুৰী হৈ আলিপুৰদুৱাৰত উপস্থিত হৈ এখন অখ্যাত হোটেলত আত্মগোপন কৰে৷ সূত্রটোৱে সদৰী কৰা মতে, ২০১১ চনৰ পৰাই ৰাজ্যত প্রৱঞ্চনাৰ জালখন মেলিছিল মানস চলিহাই৷ কালি পশ্চিমবংগ আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ দলটোৱে আলিপুৰদুৱাৰৰ হোটেলৰ পৰা মানস চলিহাক গ্রেপ্তাৰ কৰাৰ পাছত পশ্চিমবংগ আৰক্ষীয়ে থানাতে জামিন দিয়াৰ প্রস্তুতিও চলাইছিল বুলি জানিব পৰা গৈছে৷ কিন্তু বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি অৱশেষত অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে পশ্চিমবংগ আৰক্ষী সঞ্চালকপ্রধানৰ সৈতে হোৱা কথা-বতৰাৰ পাছত পশ্চিমবংগ আৰক্ষীয়ে মানস চলিহাক অসম আৰক্ষীৰ দলটোৰ হাতত চমজাই দিয়ে৷ আজি প্রৱঞ্চক মানস চলিহাক কোচবিহাৰ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে তিনি দিনৰ ট্রানজিৎ ৰিমাণ্ডত মানস চলিহাক অসম আৰক্ষীৰ হাতত অর্পণ কৰে৷ সূত্রটোৱে সদৰী কৰা মতে, কাইলৈ অথবা পৰহিৰ ভিতৰত মানস চলিহাক গুৱাহাটীলৈ অনাৰ সম্ভাৱনা আছে৷ লক্ষণীয় যে আলফা (স্বাধীন)ৰ সদস্য মানস বৰগোহাঁয়ে কৰা অভিযোগ অনুসৰি বেলতলাৰ এটা এনক্লেভৰ তিনিটা এপার্টমেণ্টত নিজকে অসম আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া বুলি দাবী কৰা মানস চলিহাই তেওঁৰ লগতে আন কেইবাগৰাকীও যুৱক–যুৱতীক আলফাবিৰোধী অভিযানৰ বাবে প্রশিক্ষণ প্রদান কৰিছিল৷ উক্ত এনক্লেভটোত আজি আৰক্ষীৰ এটা দলে অভিযান চলায়৷ অৱশ্যে অভিযানত কিধৰণৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে, সেয়া এতিয়াও আনুষ্ঠানিকভাৱে সদৰী কৰা নাই অসম আৰক্ষীয়ে৷ অসমলৈ অনাৰ পাছত দিছপুৰ আৰক্ষী থানাৰ লগতে আন কেইবাখনো থানাই মানস চলিহাক জিম্মাত বিচাৰিব বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰা মতে, যিহেতু মানস চলিহাৰ বিৰুদ্ধে একাধিক অভিযোগ আলফা সদস্য মানস বৰগোহাঁয়ে উত্থাপন কৰিছে, গতিকে উক্ত অভিযোগসমূহৰ সত্যতা সন্দর্ভত মানস চলিহাক অসম আৰক্ষীৰ বিশেষ শাখায়ো জেৰা চলোৱাৰ সম্ভাৱনা আছে৷ ইপিনে, কাৰাৰুদ্ধ আলফা সদস্য মানস বৰগোহাঁইৰ চাঞ্চল্যকৰ ভিডিঅ’ৰ পাছত ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ সময়তে মানস চলিহাৰ প্রেয়সীয়ে বিগত ডেৰ বছৰ ধৰি তেওঁৰ সৈতে কোনোধৰণৰ সম্পর্ক নাই বুলি আজি সংবাদ মাধ্যমযোগে অৱগত কৰিছে৷ উল্লেখ্য যে কালি কাৰাৰুদ্ধ আলফা সদস্য মানস বৰগোহাঁয়ে তৃতীয়টো ভিডিঅ’ত মানস চলিহাৰ প্রেয়সীয়েও তেওঁক চিনি পায় বুলি স্বীকাৰোক্তি দিছিল৷ গোলাঘাটৰ গণকপুখুৰী নিৱাসী যুৱতীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, মানস চলিহা সন্দর্ভত এই বিষয়বোৰ তেওঁ অৱগত নহয়৷ তেওঁ কয় যে এটা সময়ত মোৰ ভুল হৈছিল৷ তেওঁৰ (মানস চলিহা) ব্যৱহাৰ মোৰ সৈতে যথেষ্ট বেয়া বাবে সম্পর্ক বিচ্ছেদ কৰিছিলোঁ৷ এই সম্পর্কত পাছলৈ যাতে তেওঁক সাঙোৰা নহয়, তাৰ বাবেও যুৱতীগৰাকীয়ে ৰাইজক আহ্বান জনাইছে৷ যুৱতীগৰাকীৰ মাতৃয়েও এই কেলেংকাৰিত তেওঁৰ ছোৱালীৰ নাম সাঙুৰি নল’বলৈ আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অনুৰোধ জনায়৷ তেওঁ কয় যে কথাবোৰ চর্চিত হোৱাৰ পাছত ছোৱালীজনী মানসিকভাৱে ভাগি পৰিছে৷ তাইৰ স্বাস্থ্যৰ অৱনতি ঘটিছে৷ গতিকে এই বিতর্কত মোৰ ছোৱালীজনীক যাতে অনা নহয়, তাৰ বাবে সকলো পক্ষক অনুৰোধ জনাইছোঁ৷

You might also like