নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিত ঠাকুৰ অনুকূল চন্দ্ৰৰ শ্ৰীবিগ্ৰহ প্ৰতিষ্ঠাৰ স্বৰ্ণজয়ন্তীৰ সামৰণি

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী : প্ৰেমময় শ্ৰীশ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ গুৱাহাটী মহানগৰীৰ ভঙাগড়স্থিত ‘সৎসঙ্গ বিহাৰ তথা শ্ৰীমন্দিৰৰ শ্ৰীবিগ্ৰহ প্ৰতিষ্ঠাৰ স্বৰ্ণ জয়ন্তী মহোৎসৱ উপলক্ষে চাংসাৰিত অনুষ্ঠিত ভক্তিৰস ময় অনুষ্ঠানটোত আজি একপ্ৰকাৰ জনসমুদ্ৰত পৰিণত হয়। পুৱাৰে পৰা সন্ধিয়ালৈকে ডেৰ লক্ষাধিক ভক্ত-অনুগামীৰ সমাগম হোৱাৰ আশা হৈছে। সমবেত ভক্ত অনুগামী সকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হব লগা নহয় তাৰবাবে আয়োজক সমিতিয়ে সকলোবোৰ সু ব্যৱস্থা সুন্দৰকৈ পৰিচালনা কৰিছে। চাংসাৰিৰ চৌকীগেটত এক বিশাল মুকলি পথাৰত শ্ৰীবিগ্ৰহ প্ৰতিষ্ঠাৰ এই স্বৰ্ণ জয়ন্তীৰ দিনযোৰা কাৰ্যসূচীটোৰ এই পৱিত্ৰ আধ্যাত্মিক মহোৎসৱ থলীত অসম , পশ্চিমবংগ, অৰুণাচল , নগালেণ্ড , মেঘালয় , ত্ৰিপুৰা ,মনিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা বাছ, ৰেলযোগে হাজাৰ হাজাৰ ভক্ত অনুগামী আহি সমবেত হোৱা পৰিলক্ষিত হয়। যেনিয়ে চকু যায় সেইফালে কেবল মানুহ আৰু মানুহ। মুঠৰ ওপৰত বিৰ দি বাট নোপোৱা অৱস্থা। অৱশ্যে অনুষ্ঠানলৈ বাছ, চাৰিচকীয়া বাহনেৰে অহা বহু ভক্ত খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাৰ পৰিপ্ৰেক্ষিতত যাত্ৰাপথত যান জঁটৰ বাবে বহু পলমকৈ উপস্থিত হব লগা হয়। তথাপি মহামিলনৰ ক্ষেত্ৰ থলীত সমবেত হৈ সকলোৱে গুৰু আচাৰ্যদেৱৰ উপস্থিতিত এক ঈশ্বৰ এক ধৰ্মত বিলীন হৈ পৰা পৰিলক্ষিত হয়। উল্লেখ্য যে অগণন ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি তাত নিৰ্মাণ কৰা হৈছিল দুটা মূল মণ্ডপকে ধৰি কেইবাটাও বৃহৎ পেণ্ডেল, তোৰণ। সমান্তৰালকৈ নিৰ্মাণ কৰা হৈছিল তিনিখনকৈ সাংস্কৃতিক মঞ্চ , কেইবাহাজাৰ ভক্তই একেলগে খাব পৰাকৈ বৃহৎ অতিথি ভাণ্ডাৰ। ৰান্ধনি অনা হৈছিল ঝাৰখণ্ডৰ। মুঠৰ ওপৰত এক সুন্দৰ পৰিকল্পনা, দৃষ্টিনন্দন পৰিৱেশ। কাৰ্যসূচী অনুসৰি ঊষা কীৰ্তন, পুৱা প্ৰাত:কালীন বিনতি প্ৰাৰ্থনা, জপ আৰু ঠাকুৰৰ অমিয় গ্ৰন্থাদি পাঠৰ পিছত ক্ৰমে শ্ৰীবিগ্ৰহ প্ৰতিষ্ঠা লগ্ন, বিনতি প্ৰাৰ্থনা, সংগীতাঞ্জলি অনুষ্ঠান আদি ৰূপায়ত হয়। দহ বজাত শ্ৰীশ্ৰী ঠাকুৰ ,শ্ৰীবড়মা আৰু শ্ৰীশ্ৰী বড়দাৰ ভোগ নিৱেদন, ভজন কীৰ্তন, বাৰেবৰণীয়া কৃষ্টি সংস্কৃতি -সংস্কৃতিমূলক অনুষ্ঠান অনুষ্ঠিত হয়। মাতৃ সন্মিলন কাৰ্যসূচী সমাপনৰ পিছতে শ্ৰীশ্ৰী ঠাকুৰ ভাণ্ডাৰত প্ৰসাদ বিতৰণ কৰা হয়। আবেলি অনুষ্ঠিত হয় সাধাৰণ সভা। সন্ধিয়া সান্ধ্যকালীন বিনতি প্ৰাৰ্থনা, নাম-জপ আৰু শ্ৰীশ্ৰী ঠাকুৰৰ অমিয় গ্ৰন্থাদি পাঠ। তাৰ পিছতে অনুষ্ঠিত হয় বিচিত্ৰানুষ্ঠান। সংগীতানুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীয় লোকনৃত্যৰ উপৰিও ধৰ্মীয় গীত মাতে অঞ্চলটোৰ মাদকতা অপূৰ্ব কৰি তোলে।

প্ৰেৰক অনুভৱ কুমাৰ

You might also like