নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ‘২০২১ চনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি সলনি নহয় । মোৰ নেতৃত্বতে কংগ্ৰেছ দল নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু আমিয়েই চৰকাৰ গঠন কৰিম ।’ – এইদৰে সাংবাদিকৰ আগত ২১ ৰ নিৰ্বাচন সম্পৰ্কে মত ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।
লগতে সভাপতিগৰাকীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি আৰু কাবিৰোধী শক্তি সমূহক একলগ হোৱাৰ লগতে নিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈও আহ্বান জনায় ।