নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰী : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱালে মাজুলীৰ সৈতে বহি:বিশ্বৰ লগত সংযোগ পোনপটীয়া আৰু খৰতকীয়া কৰাৰ স্বাৰ্থত মাজুলীৰ গড়মুৰত নিৰ্মাণ কৰিছিল ৰাজ্যৰ প্ৰথমটো হেলিপৰ্ট ৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হল নিৰ্মাণৰ দুটা বছৰৰ পিছতেই এতিয়া হেলিপৰ্টলৈ খালী ভৰিতো বাদেই চেণ্ডেল-জোটা পিন্ধিও যাব নোৱাৰা অৱস্থা৷ ভগা খিৰিকীৰ গ্লাছৰ ভগা টুকুৰা, ভগা বটলৰ টুকুৰাই আবৰিছে হেলিপৰ্টটো৷ ৫০ লাখ টকাৰে নিৰ্মান হোৱা অতিথিশালা আৰু হেলিপৰ্টটোৰ এই মৃত্যুমুখী যাত্ৰাই মাজুলীৰ সচেতন মহলক চিন্তিত কৰি তুলিছে৷ মাজুলীলৈ পৰ্যটকসকলে নিৰাপদে অহা-যোৱা কৰিব পৰা বা তৎক্ষনিক ৰাজধানীলৈ যাব খোজি সকলৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা এই হেলি পৰ্টটো মাজুলী জিলা প্ৰশাসনে সুৰক্ষা বা ৰক্ষণাবেক্ষণ দিয়াত যে সম্পূৰ্ণ ব্যৰ্থ হৈছে তাৰ প্ৰমান বৰ্তমান জলজল-পটপটকৈ ওলাই পৰিছে৷ ২০২১ বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰা হেলিপৰ্টখনৰ এই জৰাজীৰ্ণ অৱস্থাই জিলা প্ৰশাসনৰ নগ্ন আৰু গুৰুত্বহীন মনোভাবৰ পৰিচয় তুলি ধৰিছে৷ উল্লেখ্য যে ২০১৭-২০১৮ বৰ্ষৰ অ-নিদ্ধাৰিত পুঁজিৰ অধীনত পাইলট, ভি. ভি. আই. পি থাকিবলৈ হেলিপৰ্ট ৰ লগত নিৰ্মাণ কৰা অত্যাধুনিক অতিথিশালাৰ আচবাব কোনো দুৰ্বিত্তই ভাঙি চূৰমাৰ কৰা পৰিলক্ষিত হৈছে৷ অতিথি শালাটোৰ পৰা চুৰি হ’ল বহু মুল্যবান আচ-বাব,ইলেকট্ৰনিক সামগ্ৰী৷ জিলা প্ৰশাসনৰ অমনোযোগিতাৰ সুযোগ গ্ৰহণ কৰি চুৰে লুটি নিলে এই সমুহ সামগ্ৰী, উদ্ধোধনৰ দিনৰ পৰা এই অতিথিশালা কি ৰূপত আছে যেন চাবলৈও সময় নাই সংশ্লিষ্ট মুৰব্বী, বিষয়াৰ ৷ বৰ্তমান এই অতিথিশালা আৰু হেলি পৰ্টটো একাংশৰ মদ, ভাং খোৱাৰ ঘাটি একাংশৰ অসামাজিক কামৰ ঘাটিত পৰিণত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সপোনৰ হেলিপৰ্টটো৷ ঘোৰ নিদ্ৰাৰত মাজুলী জিলা প্ৰশাসনক এতিয়া কোনে আঙুলিয়াব কোনে জগাব এই মুল্যবান সম্পদ জীয়াই ৰখাৰ কথা ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড