নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটাকৈ ৰাষ্ট্ৰীয় বঁটাৰে উজলিল নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বৰ্তমান নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, হায়দৰাবাদৰ পৰা দুটাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা কালত জিলাখনত সূচনা কৰা “ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্ট” আঁচনিৰ অধীনত কাঠফুলা উৎপাদনৰ জৰিয়তে ভালেসংখ্যক কৃষক, নিবনুৱা,যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম কৰি তোলাৰ লগতে জিলাখনৰ অৰ্থনীতিত আগবঢ়োৱা অৱদান তথা কোকৰাঝাৰ জিলাৰ শিক্ষাৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিবৰ্তন আৰু উন্নয়ন কৰিবলৈ সক্ষম হোৱা বাবে এডমিনিষ্ট্ৰেটিভ স্টাফ কলেজ, হায়দৰাবাদৰ পৰা বিষয়াগৰাকীয়ে বঁটা দুটা লাভ কৰিবলৈ সক্ষম হৈছে । যোৱা ১৯ জানুৱাৰীত শ্বিলঙৰ তাজ ভিভান্টাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তেওঁক বঁটা দুটাৰ লগতে নগদ দুই লাখ টকা প্ৰদান কৰে। উল্লেখনীয় যে বৰ্ণালী ডেকাই জনসেৱাৰ ক্ষেত্ৰত লোৱা ভালেমান পদক্ষেপৰ কথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মুকলি কৰা ‘Coffee Table Book-CELEBRATING INNOVATIONS’ত প্ৰকাশ পাইছে। বৰক্ষেত্ৰীৰ জীয়ৰী বৰ্ণালী ডেকাৰ এই সফলতাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে নলবাৰীবাসী। নলবাৰীৰ আয়ুক্ত  ভাৰতীয় প্ৰশাসনিক বিষয়া বৰ্ণালী ডেকাই ইতিপূৰ্বেও কৰ্মক্ষেত্ৰত দেখুওৱা অনবদ্য পাৰদৰ্শিতাৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল৷ আই.এ.এছ বৰ্ণালী ডেকাই গোৱালপাৰা জিলাৰ উপায়ুক্ত হৈ থকা অৱস্থাত লোক প্ৰশাসনত উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ সুবাদতে গোৱালপাৰা জিলালৈ প্ৰদান কৰা হৈছিল প্ৰধানমন্ত্ৰী পুৰস্কাৰ-২০২০।  এচপাৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ প্ৰণিধানযোগ্য যে ২০০৯ চনত ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বিষয়া গৰাকীয়ে ২০০৭ চনত ভাৰতীয় আৰক্ষী সেৱাৰ পৰীক্ষাতো উত্তীৰ্ণ হৈছিল। কোকৰাঝাৰ, গোৱালপাৰা, গোলাঘাট, বৰপেটা আদি জিলাত দক্ষতাৰে কাৰ্যনিবাহ কৰি অহা বৰ্ণালী ডেকাক গুণগত আৰু দক্ষতা সম্পন্ন সেৱাৰ বাবে ভালেকেইটা বঁটাৰে সন্মানিত কৰা হৈছে। নলবাৰীৰ আয়ুক্ত বৰ্ণালী ডেকাই নলবাৰী জিলাখনকো আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰি এনে সফলতাত নলবাৰীৰ দুই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, অসম বৃক্ষৰোপন আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মা, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা,জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডঃ লীনা ডেকা, সম্পাদক পংকজ বেজবৰুৱা, জিলা লেখক সভাৰ সভাপতি অৰ্জুনসেন ডেকা,সম্পাদক বিজয় বৰুৱা,সাংগঠনিক সম্পাদক দিলীপ কুমাৰ শৰ্মা,নলবাৰী সাহিত্য সমাজৰ সভাপতি হীৰেন্দ্ৰ নাথ শৰ্মা,আছুৰ কেন্দ্ৰীয় উপ সভাপতি ভৱজিত বেজবৰুৱা, জিলা সভাপতি নিৰুজুউদ্দিন আহমেদ , সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত,শিক্ষা সম্পাদক বিশ্বজিত মল্ল বুজৰবৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি নিৰোদ দাস,সাধাৰণ সম্পাদক যোগেশ কলিতা, নলবাৰী জিলা সাংবাদিক পৰিষদৰ সভাপতি ৰূপক বৈশ্য,সাধাৰণ সম্পাদক প্ৰাঞ্জল শৰ্মা,যুটীয়া সম্পাদক প্ৰিয়ংকু নাৰায়ণ বৰুৱা, ৰূপম তালুকদাৰ,প্ৰচাৰ সম্পাদক জয়ন্ত ডেকা,জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্ট, সম্পাদক পঙ্কজ বৰ্মন, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশী, অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাস,জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, অসম প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক দিব্যজ্যোতি হালৈ,চি পি আই (এম) ৰ জিলা নেতা ৰবীন মিশ্ৰ,আপৰ জিলা সমন্বয়ক আনচুল হক,ৰাইজৰ দলৰ জিলা সভাপতি জ্ঞানেন চক্ৰৱৰ্তী, জাতিয় পৰিষদৰ জিলা নেতা নগেন ডেকা,নলবাৰী সদৰ কবি সন্মিলনৰ সভাপতি পাৰুল দেৱী গোস্বামী, মুখ্য সম্পাদক অঞ্জলি দত্ত,আৰ্য সাহিত্য সভাৰ সভাপতি অমূল্য প্ৰসাদ দাস,সম্পাদক দিলিপ কুমাৰ ভট্টাচাৰ্য সহ বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like