নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ‘কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন গ্ৰহণ কৰি পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৰাজ্যচৰকাৰক অৱগত কৰিলে ইয়াৰ অগ্ৰগতি সন্দৰ্ভত আমি আপোনালোকক জনাব পাৰিম । আজিৰ এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন পুংখানুপুংখভাৱে অধ্যয়ন নকৰা আৰু ৰাজ্য চৰকাৰৰ হাতত ইয়াৰ প্ৰতিলিপি নপৰা লৈকে প্ৰতিবেদনৰ বিষয়ে কোৱাটো সমীচিন নহ’ব ।’ – মঙলবাৰে অসম চুক্তিৰ ৬ নং দফা সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ পাচতেই সংবাদমাধ্যমৰ আগত এইদৰে উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এটা ছীল কৰা ফাইলত বন্দী হৈ থকা অসম চুক্তিৰ ৬ নং দফাৰ এই প্ৰতিবেদন আজি অথবা কাইলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে । ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিবেদন গ্ৰহণ কৰা সন্দৰ্ভত বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ ৰাইজৰ এই প্ৰতিবেদন অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপত্তি ক’ত ।
‘যদি উচ্চতম ন্যায়ালয়ৰ বিপৰীতে কোনো দফা থাকে , কোনোবা এটা দফা অসম বিধানসভাই মানি ল’ব নোখোজে , কোনো এটা দফা মানি লোৱাটো সম্ভৱ নহ’ব অথবা এই প্ৰতিবেদনৰ আটাইকেইটাই দফাই মানি লোৱা সম্ভৱ হ’ব । গতিকে বৰ্তমান সময়ত এই সম্বন্ধে প্ৰকাশ কৰাটো অনুচিত । কিয়নো বৰ্তমানলৈকে অসম চৰকাৰৰ হাতত এই প্ৰতিবেদন কোনো প্ৰতিলিপি নাই । তেনে পৰিপ্ৰেক্ষিতত এই উচ্চস্তৰীয় সমিতিত যিহেতু অসমৰ বহুকেইজন প্ৰশাসনীয় দিশত অভিজ্ঞ লোক আছে । তেওঁলোকে নিশ্চয় সংবিধানৰ গণ্ডীৰ ভিতৰতেই প্ৰস্তুত কৰিছে । যিহেতু অসমীয়াৰ সংজ্ঞাৰ ক্ষেত্ৰত অসম বিধানসভাৰ সিদ্ধান্ত অবিহনে সম্পূৰ্ণ নহ’ব , এই সম্বন্ধে আলোচনা হ’ব লাগিব অসম বিধানসভাত । অসম বিধানসভাই নোকোৱালৈকে অসমীয়াৰ সংজ্ঞা গৃহীত হ’ব নোৱাৰে ।’ এইদৰেই অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন সম্পৰ্কত মন্তব্য আগবঢ়াই বিত্ত, স্বাস্থ্য , শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।