নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ‘নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোনো যদি জনমুখী কাম হয় তেন্তে তাত আপত্তি থাকিব নালাগে । কিন্তু নিৰ্বাচনৰ কথা চিন্তা কৰি কোনোবাই যদি ভোট কিদৰে আদায় কৰিব লাগে তাৰ পৰিকল্পনা যদি বাজেটত লিখে তেতিয়াহে সমালোচনা কৰিব । কিন্তু কোনোবাই যদি কয় নিৰ্বাচন আছে এইবাৰ আমি দুটা ৰাস্তা বেছিকৈ বনাম অথবা দুখন স্কুল বেছিকৈ বনাম তাত আপত্তি কৰিবলগীয়া কি আছে ।’ মঙলবাৰে অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ পাছত সাংবাদিকে আগন্তুক বাজেট সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
বৰ্তমান চৰকাৰৰ যিহেতু এইখন শেষ বাজেট অধিৱেশন গতিকে এই বাজেটত বহু আঁচনিৰ লগতে পূৰ্বৱৰ্তী আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰটো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । আজি বাজেট সন্দৰ্ভত মিত্ৰদলৰ সৈতে এই আলোচনাত মিলিত হয় বিত্তমন্ত্ৰীগৰাকী । এই আলোচনাৰ পাচতেই সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত নিৰ্বাচনকেন্দ্ৰিক জনমুখী আঁচনি সমূহক লৈ আপত্তি থাকিব নালাগে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।