নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ আইএএছএছটিত চিএমই-স্নেক ছিম্পজিয়াম শীৰ্ষক আলোচনা চক্র

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত বিজ্ঞান আৰু প্রযুক্তি উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ আই. এ. এছ. এছ. টিত ‘ধাৰাবাহিক চিকিৎসা শিক্ষা’ (চি.এম.ই.) বিষয়ত আৰু ‘স্নেক চিম্পজিয়াম ২০২৪’ বিষয়ক আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ দুখন আজিৰে পৰা ৩ দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হয়। ধাৰাবাহিক চিকিৎসা শিক্ষা (চি. এম.ই) বিষয়ক আলোচনা চক্ৰখন অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে সর্পদংশনৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আহি পৰা জটিল প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে এক সহযোগিতামূলক মঞ্চ গঠন আৰু চিকিৎসা ব্যৱস্থাপনা কৰা। এই আলোচনা-চক্ৰখনত বিভিন্ন সর্প বিষ সম্বন্ধীয় গৱেষণাৰ লগত জড়িত বিশেষজ্ঞ আৰু চিকিৎসক উপস্থিত থাকি সর্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত এক গতিশীলতা অনাত গুৰুত্ব প্রদান কৰা হৈছে। বিশেষকৈ সর্পদংশনৰ ঘটনাবোৰৰ সমাধান কৰাৰ বাবে কাৰ্য্যকৰী ৰণনীতি প্রস্তুত আৰু চিকিৎসকসকলক সর্পদংশনৰ চিকিৎসাৰ জ্ঞান সমৃদ্ধ কৰিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। অধিৱেশনখনত ভাষণ প্রদান কৰি প্রতিষ্ঠানখনৰ সঞ্চালক অধ্যাপক আশিস কুমাৰ মুখার্জীয়ে সর্পদংশনৰ চিকিৎসাৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এইক্ষেত্ৰত আই. এ. এছ. এছ. টিয়ে লোৱা বিভিন্ন পদক্ষেপৰ ওপৰত ব্যাখ্যা কৰে। অধিৱেশনখনত ৰাজ্যখনৰ কেইবাটাও চিকিৎসা বিভাগৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল আৰু সেইসকলৰ ভিতৰত আছে অসম অধ্যায়ৰ আই এম এৰ সভাপতি অৰুণিমা গোস্বামী, চিকিৎসা শিক্ষা সঞ্চালক ড° অনুপ কুমাৰ বৰ্মন, স্বাস্থ্য সেৱাৰ সঞ্চালক ড° কাৰেং ৰংপিপী, এন এইচ এমৰ মিছন সঞ্চালক ড° এম এছ লক্ষ্মী প্রিয়া, এন. এইচ. এম.ৰ সঞ্চালক আৰু এন. এইচ. এম.ৰ ৰাজ্যিক নোডেল বিষয়াদ্বয়। ইয়াৰোপৰি সৰ্পবিষ বিষয়ৰ বিশিষ্ট বিশেষজ্ঞ, কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানী ড°দয়াল বন্ধু মজুমদাৰ, পুনেৰ বিঘনাহাৰ নাৰ্চিং হোমৰ ড° সদানন্দ ৰাউত, শিৱসাগৰৰ ডেমো কমিউনিটি হেল্থ চেণ্টাৰৰ প্ৰতিনিধি তথা চিকিৎসক ড° এম ভি খাণ্ডিকৰ। আলোচনা চক্ৰখনত সর্পদংশনৰ ঘটনাৰ জটিলতাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ আৰু চিকিৎসা ৰণনীতি আগবঢ়োৱাত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব প্রদান কৰে।

You might also like