নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ‘প্ৰথমখন আসনত বিজেপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু দ্বিতীয়খন আসন মিত্ৰগোষ্ঠীক এৰি দিব লাগিব । তৃতীয়খন আসনৰ বাবে যিদৰে আমি কৌশল প্ৰয়োগ লাগে কৰিম , অৱশ্য়ে তৃতীয়খন আসনৰ বাবে আমি প্ৰতিদ্বন্দিতা আগবঢ়াব নালাগে কিয়নো বিৰোধীয়ে একত্ৰিত হ’ব লাগে যদিহে বিৰোধী একত্ৰিত নহয় তেতিয়া আমি প্ৰতিদ্বন্দিতা আগবঢ়াব লাগিব ।’ আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচন সম্পৰ্কত এইদৰে মন্তব্য আগবঢ়াই বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এইবাৰ প্ৰথমখন আসন বিজেপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ লগতে দ্বিতীয়খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব মিত্ৰদল বিপিএফে । কিয়নো যোৱা ৰাজ্যসভাত অগপক এখন আসন দিয়া হৈছিল গতিকে এইবাৰ বিপিএফৰ বিশ্বজিত দৈমাৰীৰ কাৰ্যকাল শেষ হ’ব আৰু পুনৰ বিপিএফ এখন আসন দিয়া হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে বিজেপিৰ কাৰ্যকালৰ শেষত পুনৰ দুখন আসন খালী হ’ব আৰু সেইকেইখন বিজেপিয়ে পাব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

You might also like