নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবৃতি দিয়া মানুহৰ কোনো কাম নাথাকে, কাক এইদৰে ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ‘ভগৱানে আমাক য’ত ৰাখিছে সেই আসনৰ পৰা জনতাক সেৱা কৰা আমাৰ দায়িত্ব, বহুত বেছি কোনে কি কৈছে কোনে কি কোৱা নাই ইমান ভিতৰলৈকে গ’লে কামবিলাক কোনে কৰিব । দৈনিক ৫০০ ফাইল চাব লাগে , ৬০০ মানুহ লগ কৰিব লাগে এইবোৰ কাম কোনে কৰিব । কথা কোৱা মানুহৰটো বিবৃতিটো দিয়েই শেষ হৈ গ’ল , আমাৰটো কামো আছে ।’ মঙলবাৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বক্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে উল্লেখ কৰে অসম মন্ত্ৰীসভাৰ অন্যতম মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইফালে, সাংবাদিকে দিল্লীৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী হিংসা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে অসম আৰু দিল্লীৰ মাজত বহু পাৰ্থক্য আছে বুলি উল্লেখ কৰে । ধৰ্মনিৰপেক্ষ অসম আৰু মোগল শাসিত দিল্লীৰ মাজত বহুখিনি পাৰ্থক্য আছে গতিকে সেই সম্বন্ধে সাংবাদিকক প্ৰশ্ন নকৰিবলৈ কয় মন্ত্ৰীগৰাকীয়ে ।

You might also like