নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চুক্তিৰ ৬নং দফা সমিতিৰ প্ৰতিবেদনত কি আছে?

মুখ্যমন্ত্ৰীক কিয় সাক্ষাৎ কৰিবলৈ নগ'ল আছুৰ নেতৃবৰ্গ?

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা প্ৰতিবেদন ৰূপায়ন সমিতিয়ে আজি দাখিল কৰিলে প্ৰতিবেদন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পূৰ্ণ কেবিনেটে গ্ৰহণ কৰে এই প্ৰতিবেদন। ২০১৯চনৰ ১৫ জুলাইত অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰা কমিটীখনে আজি প্ৰতিবেদন দাখিল কৰে।

           এই সন্দৰ্ভত বিপ্লৱ শৰ্মাই কয় যে আমি ৰাজ্যৰ বিভিন্ন ঠাইলৈ গৈছো, সেই ঠাইসমূহৰ জনপ্ৰতিনিধিসমূহৰ মতবিনিময় কৰিছো আৰু সৰ্বসন্মতিমৰ্মে প্ৰতিবেদন যুগুতাইছো আৰু তাত বিভিন্ন সাংবিধানিক-সাংস্কৃতিক দিশ সামৰি লোৱা হৈছে। আমি আশা কৰো যে আমাৰ পৰামৰ্শসমূহে তেওঁলোকৰ দৃষ্টিগোচৰ কৰিব আৰু ফলপ্ৰসু কৰিবলৈ বিহিত ব্যৱস্থা ল’ব। অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষা আৰু সাংবিধানিক সুৰক্ষাৰ বাবে আমি কোনখিনি মানুহক অসমীয়া বুলি গণ্য কৰিম গতিকে আমি অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰোতে বিভিন্ন দৃষ্টিকোণ আগুৰি লোৱা হৈছে।

            আনহাতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ নগ’ল আছুৰ নেতৃবৰ্গ। এই সন্দৰ্ভত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন পালেই কাৰ্যকৰী কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু সময়ৰ আগতেই প্ৰস্তুত হৈ থকা প্ৰতিবেদন পোনপটীয়াকৈ গ্ৰহণ কৰিবলৈ কোনো তৎপৰতা  নেদেখুৱালে। কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন পোনপটীয়াকৈ গ্ৰহণ কৰিব লাগিছিল। অসাংবিধানিক CAAখনক সমৰ্থন কৰা দিল্লীৰ আজ্ঞাবাহী চৰকাৰখনে খিলঞ্জীয়াৰ স্বাৰ্থ জলাঞ্জলি দিয়াৰ পিছত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাটো প্ৰয়োজনবোধ কৰা নাই বুলি মন্তব্য কৰে সমুজ্জ্ৱল কুমাৰ ভট্টাচাৰ্যই।

You might also like