নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ-ৰাষ্ট্ৰপতিৰ উপস্থিতিত কলাক্ষেত্ৰত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ সর্বাংগীন বিকাশৰ বাবে বিভিন্ন ক্ষেত্রলৈ আগবঢ়োৱা অনৱদ্য বৰঙনিৰ স্বীকৃতিস্বৰূপে আজি ২২গৰাকী বিশিষ্ট ব্যক্তিক অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়৷ উপ ৰাষ্ট্রপতি জগদ্বীপ ধনখড় আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত গুৱাহাটীৰ পাঞ্জাবাৰী স্থিত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই সমাজ জীৱনৰ বাটকটীয়াসকলক এই বঁটাসমূহ প্রদান কৰে৷ দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ অসম সন্তান ৰঞ্জন গগৈক আইন আৰু ন্যায় ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম বৈভৱ বঁটা প্রদান কৰাৰ লগতে চাৰিগৰাকী ব্যক্তিক অসম সৌৰভ আৰু ১৭গৰাকী ব্যক্তিক অসম গৌৰৱ বঁটা প্রদান কৰে ৰাজ্যপাল কাটাৰীয়াই৷ কলা আৰু সংস্কৃতিৰ ক্ষেত্রত প্রত্নতত্ববিদ কিষান চান্দ নাৰীয়ান, ক্রীড়াৰ ক্ষেত্রত সন্তৰনবিদ এলভিছ আলী হাজৰিকা আৰু এথলীট হীমা দাস তথা কলা আৰা সংস্কৃতিৰ ক্ষেত্রত তিৱা নৃত্য সাধক নাদিৰাম দেউৰীক অসম সৌৰভ বঁটা প্রদান কৰা হয়৷ তদুপৰি লোক আৰু বিহু নৃত্য সাধক ৰঞ্জিত গগৈ, বন্যপ্রাণী সংৰক্ষণ কর্মী তথা হস্তী বিশেষজ্ঞ পার্বতী বৰুৱা, বিশিষ্ট শব্দ অভিযন্তা দেৱজিৎ চাংমাই, লোকশিল্পী দ্রোণ ভূঞা, কৃষক নীলম দত্ত, উদ্যোগপতি অনুপম ডেকা, পৰিৱেশ আৰু বনকর্মী সৌম্যদ্বীপ দত্ত, প্রগতিশীল কাঠফুলা উৎপাদক বসন্ত চিৰিং ফুকন, কাৰু আৰু বাঁহ শিল্পী মানেন্দ্র ডেকা, আশাকর্মী মীনাক্ষী চেতিয়া, কার্বি লোকগীতৰ কণ্ঠশিল্পী পখিলা লেকথেপি, হস্তী বান্ধৱ চাহ বাগিচা স্থাপক টেনজিং বডোচা, উদ্যমী নির্মল দে’, শিপিনী জেছিন কুম্বাং পাও, অংগনৱাড়ী কর্মী মেৰী হাছা, ক’লা চাউল উৎপাদক উপেন্দ্র ৰাভা আৰু হাইড্র’পনিক খেতিয়ক ৰাহুল গুপ্তাক অসম সৌৰভ বঁটা প্রদান কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই৷ অনুষ্ঠানত অংশগ্রহণ কৰি উপ ৰাষ্ট্রপতি জগদীপ ধানখড়ে ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক উচ্চ প্রশংসা কৰি কয় যে এই ভূমি অতি ক্ষিপ্রতাৰে বিকশিত হৈছে আৰু সমগ্র দেশতে প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে গ্রহণ কৰা পদক্ষেপে সমগ্র দেশতে প্রভাৱ পেলাইছে৷ তেওঁ অতি উদ্ভাৱনীমূলক আৰু কর্মদক্ষ৷ তেওঁক আনসকলে অনুসৰন কৰে৷ সমান্তৰালভাৱে দেশৰ ভিতৰতে অসম অগ্রনী ৰাজ্য হোৱাটো নিশ্চিত বুলি উল্লেখ কৰি উপ ৰাষ্ট্রপতিগৰাকীয়ে কয় যে অসম দেশৰ এক নম্বৰ ৰাজ্য হোৱাৰ পথত৷ এই প্রসংগত ধনখড়ে কয়– ‘বিশ্ববেংক, আইএমএফৰ দৰে বৃহৎ সংস্থাসমূহে এসময়ত ভাৰতক কৈছিল যে আপোনালোক তলৰ পৰা ৫ নম্বৰ স্থানত আছে৷ আপোনালোক বিশ্বৰ বোজা৷ আপেনালোক চিন্তাৰ কাৰন৷ কিন্তু আজি আমি শীর্ষৰ পৰা ৫ নম্বৰ স্থানত৷ কেইদিনমানৰ ভিতৰত আমি শীর্ষ ৩ স্থানলৈ উন্নীত হ’ম৷ মই যেতিয়া সংসদলৈ গৈছিলোঁ, কেতিয়াও ভৱা নাছিলোঁ যে এদিন বিশ্বই ভাৰতক গোলকীয় অর্থনীতিৰ উজ্বল তৰা বুলি গণ্য কৰিব৷ এতিয়া ভাৰত বিনিয়োগ আৰু সম্ভাৱনাৰ আটাইতকৈ প্রিয় গোলকীয় লক্ষ্যস্থান৷ এই বিনিয়োগ নীতিত অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে আগভাগ লৈছে৷ তেওঁ অসমক ৰাষ্ট্রীয়পর্যায়ত বিকাশিত স্থানত ৰাখিবলৈ সক্ষম হৈছে৷’ আনহাতে আজিৰ বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই অত্যন্ত সন্মানিত আৰু গৌৰৱ অনুভৱ কৰা বুলি উপ ৰাষ্ট্রপতিগৰাকীয়ে এইবুলিও কয় যে অসমৰ সর্বোচ্চ অসামৰিক সেৱা প্রদান কৰাটো ব্যক্তিগত সাফল্যৰ উদ্যাপনৰ পৰিসীমাৰ ঊর্ধ্বত৷ এয়া এখন মহান দেশৰ উন্নয়ন আৰু সাংস্কৃতিক বৈচিত্রতালৈ আগবঢ়োৱা অমূল্য অৱদানৰ প্রতিফলন৷ অসমক উত্তৰ পূর্বাঞ্চলৰ প্রৱেশদ্বাৰ বুলি অভিহিত কৰাৰ কথা উল্লেখ কৰি উপ ৰাষ্ট্রপতিগৰাকীয়ে ভাষণত কয়– ‘সাৰুৱা ভুমি, সেউজ পাহাৰ আৰু নদীসমূহে এই ৰাজ্যখনত মহান ৰাষ্ট্রৰ মুকুটৰ এক অলংকাৰ কৰি তুলিছে৷ লুক ইষ্ট–এক্ট ইষ্ট পলিচিয়ে অষ্টলক্ষ্মী আন্তঃগাঁথনি আৰু যোগাযোগৰ ক্ষেত্রখনলৈ পৰিৱর্তন আনিছে৷’ ভাষণ প্রসংগত তেওঁ অসমৰ বিহু নৃত্যৰ কথা উল্লেখ কৰি পৰম্পৰাগত অসমীয়া সংগীতৰ প্রশংসা কৰে৷ অসমৰ ভূমিৰ প্রত্যেকটো দিশে সম্প্রীতি, একতা আৰু সহনশীলতাৰ কাহিনী প্রকাশ কৰে বুলিও উপ ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে৷ ২০১৪ চনত ঘোষণা কৰা এক্ট ইষ্ট পলিচিয়ে এই অঞ্চলটোক উপকৃত কৰিছে বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় যে ভাৰতে জি–২০ৰ এবছৰীয়া অধ্যক্ষতা গ্রহণ কৰাৰ সময়ত প্রথমবাৰৰ বাবে উত্তৰ পূর্বাঞ্চলে বিগত বছৰসমূহৰ ভিতৰত বৃহৎ আন্তঃৰাষ্ট্রীয় অনুষ্ঠানৰ সাক্ষী হৈছে৷ ই এই অঞ্চলটোৰ ভৱিষ্যতত ইতিবাচক প্রভাৱ পেলাব৷ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ দৰে বঁটাই বিভিন্ন ক্ষেত্রত আগবঢ়োৱা অৱদানৰ স্বীকৃতিক চিহ্ণিত কৰে বুলি উল্লেখ কৰি তেওঁ কয়– ‘চলিত বর্ষত অসমৰ সর্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ প্রাক্তন মুখ্য ন্যায়াধীশ তথা উত্তৰ পূর্বাঞ্চলৰ পৰা সর্বোচ্চ ন্যায়িক পদবী দখল কৰা ন্যায়াধীশ ৰঞ্জন গগৈক প্রদান কৰা হৈছে৷ আইন আৰু ন্যায়ৰ ক্ষেত্রখনত তেওঁ নক্ষত্রস্বৰূপ৷’ আনহাতে সকলো ভাৰতীয় নাগৰিককে ৰাষ্ট্রবাদী চিন্তা কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে আমি বিদেশৰ পৰা কোনসমূহ সামগ্রী আমদানি কৰো? আচবাব, মমবাতি, চাকি আদি এইসমূহ সামগ্রী আমদানি কৰা সামগ্রী৷ আমি বিদেশৰ পৰা আমদানি কৰিলে আমাৰ বিদেশী মুদ্রা বাহিৰলৈ ওলাই যায়৷ যেতিয়া আমি সামগ্রী আমদানি কৰোঁ, তেতিয়া আমি আমাৰ দেশৰ লোকসকলৰ পৰা কাম কাঢ়ি লোৱাৰ দৰে হয়৷ সেয়েহে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বান মর্মে ‘ভোকেল ফৰ লোকেল’ হ’বলৈ তেওঁ আহ্বান জনায়৷ ইয়াৰ জৰিয়তে দেখলৈ পৰিৱর্তন আহিব বুলিও তেওঁ মন্তব্য কৰে৷ উপ ৰাষ্ট্রপতি ধনখড়ে কয়– ‘কেঁচা সামগ্রীসমূহ বাহিৰলৈ কিয় যায়? যিসকল লোকে ব্যৱসায় কৰে, তেওঁলোকে এই কথা চিন্তা কৰা উচিত৷ কেঁচা সামগ্রী বাহিৰলৈ প্রেৰণ কৰাৰ ফলত আপোনালোকৰ কিছু লাভ হ’ব পাৰে৷ কিন্তু কেঁচা সামগ্রী বাহিৰলৈ প্রেৰণ কৰিলে আমি দুটা কাম কৰিব নোৱাৰো৷ এই সামগ্রীসমূহত আমি মূল্য সংযোজন কৰিব নোৱাৰোঁ৷ আৰু দ্বিতীয়তে অন্য মূল্য সংযোজন কৰিব পাৰোঁ৷ এয়া হোৱা উচিত নহয়৷’ সমান্তৰালভাৱে তেওঁ প্রাকৃতিক সম্পদ সংৰক্ষণ কৰিবলৈও তেওঁ আহ্বান জনায়৷ তেওঁ কয়– ‘আমাৰ ৫ হাজাৰ বছৰীয়া সংস্কৃতিয়ে আমাক এনে পৰিস্থিতিত কি কৰিব লাগে, সেয়া শিকাই থৈ গৈছে৷ আমি বিশ্বক পথ দেখুৱাব লাগিব৷ বিশ্বক পথ দেখুৱাবলৈ আমি সমর্থ৷ কিয়নো দেশৰ বর্তমান স্থিতি এনে হৈ গৈছে যে বহুদিন পূর্বে যিসকলে আমাক নির্দেশ দিছিল, তেওঁলোকে আজি আমাৰ পৰা পৰামর্শ বিচাৰে৷’ আজিৰ অনুষ্ঠানৰ পৰা এক মহান উপলব্ধি লৈ তেওঁ উভতি যাব বুলি উল্লেখ কৰে৷ আজি প্রদান কৰা বঁটাসমূহে বিশ্বাসযোগ্যতাৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰি উপ ৰাষ্ট্রপতিগৰাকীয়ে কয় যে আন ৰাজ্যসমূহকো এনেধৰণৰ পদক্ষেপ গ্রহণ কৰিবলৈ উৎসাহিত কৰিব৷ আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মুখ্য সচিব, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়, সাংসদ, মন্ত্রী, বিধায়কৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানৰ অন্তত সাংস্কৃতিক কার্যসূচীও অনুষ্ঠিত হয়৷

You might also like