নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিভ্রমী প্রজাতিৰ বিপদঘণ্টা

পৃথিৱীৰ বসতিস্থল সুৰক্ষাৰ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি থকা পৰিভ্রমী প্রজাতিৰ প্রতি বিপদঘণ্টা নামি আহিছে৷ পৃথিৱীৰ ভূ–স্থলভাগত পুষ্টিকৰ, প্রজনন আৰু কাঠনিলৈ ৰূপান্তৰিত কৰি বসতিস্থল হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত অন্যতম গুৰুত্বপূর্ণ ভূমিকা লৈ অহা পৰিভ্রমী প্রজাতিৰ পশুৰ পৰা জীৱলৈকে এতিয়া বিপদঘণ্টা বাজিছে৷ ৰাষ্ট্রসংঘৰ এক প্রতিবেদন মতে, বিশ্বৰ সবাতোকৈ দুষ্প্রাপ্য পৰিভ্রমী প্রজাতি বিলুপ্তিৰ দিশে দ্রুতগতিত আগবাঢ়ি আছে৷ ৪০ বছৰ পূর্বে বিশ্বৰ ৰাষ্ট্রসমূহে স্বাক্ষৰিত কৰা চুক্তি অনুযায়ী পৰিভ্রমী প্রজাতিৰ ক্ষেত্রত সজাগ আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল৷ কনভেচন অন দ্য কনজাৰভেচন অৱ মাইগ্রেটৰী স্পেচিছ অৱ ৱাইল্ড এনিমেল্ছ চমুকৈ চিএমএছ হিচাপে জনজাত এই চুক্তিত বিশ্বৰ পৰিভ্রমী প্রজাতিক সংৰক্ষিত কৰাৰ বাবে ৰাষ্ট্রসমূহে স্বাক্ষৰ কৰিছিল৷ কিন্তু শেহতীয়াভাৱে অর্থাৎ ৪০ বছৰৰ মূৰকত বিশ্বৰ পৰিভ্রমী প্রজাতিৰ সংখ্যা পোহৰলৈ অহাত উদ্বিগ্ণতাৰ ছবি এখন প্রতিফলিত হৈছে৷ পৰিভ্রমী প্রজাতিৰ প্রথমবাৰৰ বাবে বিশ্বজুৰি চলোৱা সমীক্ষাত পোহৰলৈ অহা তথ্যত এই কথা স্পষ্ট হৈছে যে বন্যপ্রাণী পৰিভ্রমী প্রজাতিৰ অধিকাংশই বিলুপ্তিৰ দিশে আগবাঢ়িছে৷ গৱেষণাত লাভ কৰা তথ্য মতে বিশ্বজুৰি ১,১৮৯ প্রজাতিৰ ভিতৰত এক তৃতীয়াংশ সম্প্রতি বিলুপ্তিপ্রাপ্ত৷ কিছুসংখ্যকৰ স্থিতি অতি ভয়াৱহ৷ ৯০ শতাংশ মাছ এতিয়া বিলুপ্তিৰ দিশে গতি কৰিছে৷ ৰাষ্ট্রসংঘৰ পৰিভ্রমী প্রজাতিৰ সন্মিলনৰ কার্যবাহী সচিব এমি ফ্রেংকেলে প্রকাশ কৰা মতে পৰিভ্রমী প্রজাতিৰ প্রতি গুৰুতৰ অভাৱতেই সম্প্রতি এই প্রজাতিসমূহৰ অস্তিত্বৰ সংকট স্পষ্ট হৈ পৰিছে৷ শীঘ্রে যদি এই সন্দর্ভত পদক্ষেপ গ্রহণ কৰা নহয়, তেতিয়াহ’লে অধিকাংশই পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব৷ কিয়নো বিৰল প্রজাতিৰ কিছুসংখ্যক ইতিমধ্যে বিলুপ্তপ্রায়৷ মানৱীয় কার্যকলাপ বিশেষকৈ বন্যপ্রাণী চিকাৰ আৰু নিধন, বসতিস্থল ধ্বংস, জলবায়ু পৰিৱর্তন আৰু চহৰ উন্নয়নৰ পৰিপ্রেক্ষিতত শব্দ আৰু পোহৰ প্রদূষণে এনেধৰণৰ পৰিভ্রমী প্রজাতিৰ প্রতি অশনি সংকেত নমাই আনিছে৷
গভীৰ বনাঞ্চলত থকাই হওক কিম্বা সাগৰৰ গভীৰতাত থকাই হওক, পৰিভ্রমী প্রজাতিৰ প্রতি সংকট নামি অহাটো ৰাষ্ট্রসংঘৰ সকীয়নিমূলক প্রতিবেদনত প্রকাশ পাইছে৷ বিভিন্ন বসতিস্থলৰ মাজেৰে পৰিভ্রমী প্রজাতিয়ে চালচলন কৰিবলগীয়া হোৱা বাবে সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কিয়নো মানৱসৃষ্ট কাৰণৰ বাবে বিশ্বজুৰি বসতিস্থলসমূহত অনাহূত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জলবায়ু পৰিৱর্তনৰ ফলত বিশ্বৰ বিভিন্ন স্থানত প্রকৃতি–পৰিৱেশৰ পাৰিপার্শ্বিকতাৰ ভাৰসাম্যত ব্যাঘাত জন্মাৰ বাবে পৰিভ্রমী প্রজাতিৰ বসতিস্থলৰ অভাৱ ঘটিছে৷ পৰিভ্রমী প্রজাতিৰ ওপৰত মানৱৰ অনাহক অত্যাচাৰ প্রতিহত কৰাৰ বাবে আইনৰ সঠিক ব্যৱহাৰ নোহোৱাটো একধৰণৰ উদ্বিগ্ণতাৰ কাৰণ৷ পৰিভ্রমী প্রজাতিৰ ভিতৰত পৰিভ্রমী চৰাই সর্বাধিক ক্ষতিৰ সন্মুখীন হৈছে৷ বেআইনীভাৱে হত্যা কৰাৰ বাবে বিশ্বজুৰি আনুমানিক ১১ৰ পৰা ৩৬ নিযুত পক্ষী ক্ষতিৰ সন্মুখীন হৈছে৷ ভূমধ্য সাগৰীয় অঞ্চলৰ পৰা আৰব, ইৰান আৰু ইৰাকত পৰিভ্রমী চৰাইৰ নিধনযোগ্য দ্রুতগতিত চলি আহিছে৷ জৈৱ–বৈচিত্র্যৰ সমাহাৰৰ ঘাটিসমূহত জলবায়ু পৰিৱর্তনৰ বিৰূপ প্রভাৱ পৰাৰ পৰিপ্রেক্ষিততো পৰিভ্রমী প্রজাতিৰ ওপৰত নেতিবাচক প্রভাৱ পৰিছে৷ সাগৰীয় জীৱ–জন্তুসমূহৰ ক্ষেত্রতো ক্রমান্বয়ে অশনি সংকেত নামি আহিছে৷ সাগৰীয় অঞ্চলত মানৱসৃষ্ট কার্যকলাপ দ্রুতগতিত বৃদ্ধি পোৱাৰ বাবে পৰিভ্রমী প্রজাতিৰ চালচলন পথত ব্যাঘাত জন্মিছে৷ ইয়াৰ পৰিণতিত পৰিভ্রমী প্রজাতিয়ে ঋতু অনুযায়ী পৰিস্থিতিত খাপ খাবলৈ অন্য স্থানত পৰিভ্রমণ কৰাৰ ক্ষেত্রত বাধাৰ সৃষ্টি হৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ ফলশ্রুতিত বনাঞ্চলৰ পৰা সাগৰৰ জলপৃষ্ঠলৈকে তাপমাত্রা বৃদ্ধিয়ে পৰিভ্রমী প্রজাতিৰ ক্ষেত্রত অশনি সংকেত নমাই আনিছে৷ সাগৰৰ জলপৃষ্ঠৰ তাপমাত্রা বৃদ্ধিৰ লগতে পৃথিৱীৰ ভূ–ভাগৰ তাপমাত্রাৰো দ্রুতগতিত সালসলনি ঘটাত পৰিভ্রমী প্রজাতিৰ বসতিস্থল হ্রাস পাইছে৷ জলবায়ু পৰিৱর্তনৰ বাবে প্রলয়ংকৰী বানৰ প্রকোপ বৃদ্ধি, তাপমাত্রা বৃদ্ধি, অনাবৃষ্টি, প্রচণ্ড শীত, প্রচণ্ড গ্রীষ্ম প্রৱাহ, বনজুইৰ দৰে লেখীয়া প্রাকৃতিক দুর্যোগৰ মাত্রা বর্ধিত হৈছে৷ কাহানিও বানৰ কবলত নপৰা অঞ্চলত প্রলয়ংকৰী বান, বৰফ নপৰা অঞ্চলত বৰফ, শীত নপৰা অঞ্চলত শীতৰ লহৰ আদি অনাহূত পৰিস্থিতিয়ে পৃথিৱীৰ পাৰিপার্শ্বিকতা ভাৰসাম্যহীন কৰি তুলিছে৷ এনে পৰিপ্রেক্ষিতত মানৱ জাতিৰ সমান্তৰালকৈ জীৱ আৰু উদ্ভিদ জগত ক্ষতিৰ সন্মুখীন হৈছে৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে শীঘ্রেই যদি মানৱসৃষ্ট প্রকৃতিৰ অনিষ্ট কৰিব পৰা কার্যকলাপসমূহ ৰোধ কৰিব পৰা নাযায়, তেতিয়াহ’লে আমি বাস কৰা পৃথিৱীৰ অস্তিত্বৰ প্রতি ভাবুকি অহাটো নিশ্চিত৷ পৃথিৱীৰ প্রতি ভাবুকি অহা মানেই মানৱ জাতিৰ বাবেও এক প্রত্যাহ্বান৷ গতিকে পৃথিৱীবাসীয়ে প্রকৃতিৰ অনিষ্ট কৰিব পৰা কার্যকলাপসমূহ নিয়ন্ত্রণ কৰা উচিত৷

You might also like