নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ কৰ্মীসকল অত্যন্ত হতাশ-নিৰাশ : কমলাকান্ত কলিতা

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ বকোত কালি অগপৰ সাধাৰণ সম্পাদক,প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তথা অসম খাদী আৰু গ্ৰামোন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ কমলাকান্ত কলিতাই হঠাৎ বকোত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বহুকেইটা প্ৰশ্নৰ কেতবোৰ মন্তব্য কৰে। তেওঁ সাংবাদিকে অগপত নতুনকৈ বহুতো কংগ্ৰেছ নেতা কৰ্মীয়ে যোগদান কৰা আৰু নতুন কৰ্মীৰ যোগদানে পুৰনি কৰ্মীৰ গুৰুত্ব কমাব নেকি বুলি সোধাত কয় যে-দললৈ নতুন কৰ্মী অহাটো এক পৰম্পৰাগত ব্যৱস্থা।দলক শক্তিশালী কৰাৰ নতুন কৰ্মী যোগদান কৰিবই লাগিব।নতুন কৰ্মী আহিলে পুৰণি কৰ্মীৰ গুৰুত্ব কমি নাযায়,নতুন পূৰন সকলোৱে মিলি উদ্যমেৰে কাম কৰিব সাহ পাব।অগপলৈ বহু নতুন পুৰনি মানুহ আহিছে।কোনোদিনে অগপৰ লগত নথকা মানুহো আমাৰ দলত আহিছে। বিশেষকৈ সংখ্যালঘু জনসাধাৰণে অগপলৈ আহিছে।লগতে তেওঁ বুধবাৰে কংগ্ৰেছৰ চাৰিগৰাকী বিধায়কে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক মুকলি সমৰ্থন জনোৱা সন্দৰ্ভত কয় যে কংগ্ৰেছৰ চাৰি বিধায়ক আৰু বিজেপিৰ মাজত হোৱা বুজাবুজি কি ধৰনৰ মই নাজানো। কংগ্ৰেছ কৰ্মী সকলে মুঠতে এতিয়া নিৰাশ হৈছে আৰু হতাশাত ভূগিছে। সেইবাবে এতিয়া তেওঁলোকে আশ্ৰয় বিচাৰিছে আৰু বিজেপিৰ ওচৰত আশ্ৰয় লৈছে,কোনোৱাই হয়তো অগপত আশ্ৰয় লৱ বিচাৰিব। ইয়াৰ লগতে তেওঁ মুখ্যমন্ত্ৰীয়ে কিছুদিন পিছত সদনত বিৰোধী শূন্য হব বুলি কোৱা সন্দৰ্ভত আৰু সাংবাদিকে অগপ দলটোৰ বৰ্তমানৰ স্থিতি আৰু আগন্তুক লোকসভা নিৰ্বাচনত অগপই কেইখন আসন বিচাৰিব আৰু কেইখন আসনত প্ৰতিদ্বন্দিতা কৰিব সেই সন্দৰ্ভত তেওঁ কয় যে বিৰোধী লাগিব।ৰাজনীতিত বিৰোধীৰ প্ৰয়োজন আছে।বিৰোধী শূন্য আমাৰ উদ্দেশ্যে নহয়,শক্তি বৃদ্ধি আমাৰ উদ্দেশ্যে। অগপ দলৰ এতিয়া শক্তি বৃদ্ধি হৈছে।অগপৰ মাজত দুৰ্বলতা আহিছিল,এতিয়া শক্তি বৃদ্ধি হৈছে। লোকসভা নিৰ্বাচনৰ বাবে আমাৰ বৰ্তমানেও আসনৰ আলোচনা হোৱা নাই।আমি ১৪ খন আসনেই বিচাৰিম।আমাক মিত্ৰজোঁটে কেইখন আসন দিব সেইটো পিছত সিদ্ধান্ত হব।

প্ৰেৰক প্ৰীতম বায়ন

You might also like