🔹 মানকাচৰ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ৮৯৫গৰাকী অৱতীৰ্ণ
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মানকাচৰতো ব্যাপক উচ্ছাস দেখিবলৈ পোৱা গৈছে ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে নতুন নিয়মেৰে আজি অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৪ । এইবেলি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬টা পৰীক্ষা কেন্দ্ৰত মুঠ ৫০৩৭গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। জিলাখনৰ ৬টা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মানকাচৰ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৮৯৫গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। শিক্ষা বিভাগৰ নিৰ্দেশত পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ পৰীক্ষা কেন্দ্ৰত চি চি টিভি কেমেৰা সংস্থাপন কৰাৰ লগতে গ্ৰহণ কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তক দায়িত্ব প্ৰদান কৰা হৈছে।
প্ৰেৰক ফাৰহাদ আহমেদ