ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ১৬ ফেব্ৰুৱাৰী : প্ৰেমিকৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ দুখ সহ্য কৰিব নোৱাৰি কালি নিশা প্ৰেমিকাই চিপ লৈ আত্মহত্যা কৰা ঘটনাই কোকৰাঝাৰ চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত ছাত্ৰীগৰাকী কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰী। প্ৰাপ্ত বাতৰি মতে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ মেধাৱী ছাত্ৰীগৰাকীয়ে চহৰখনৰ বাগানশালীৰ এটা পিজিত থাকি পঢ়া-শুনা কৰিছিল। কিছুদিন পূৰ্বে মটৰচাইকেল দুৰ্ঘটনাত প্ৰেমিকৰ মৃত্যু হোৱাৰ পাছতেই প্ৰেমিকা শোকত ভাগি পৰে। কন্যাৰ মনৰ অৱস্থা বুজিব পাৰি মাতৃয়ে কন্যাৰ লগতে থাকিবলৈ লয় ৷ কালি নিশা মাতৃ গভীৰ নিদ্ৰাত থকাৰ সুযোগ লৈ কন্যাই দুৱাৰ খুলি বাহিৰলৈ ওলাই আহে। পুৱতিনিশা সাৰ পাই কন্যাক বিছনাত নেদেখি মাতৃয়ে ইফাল সিফাল বিচাৰে যদিও সন্ধান নাপাই কোকৰাঝাৰ সদৰ থানাত অৱগত কৰে। ইফালে পুৱাৰ ভাগত পিজিৰ মালিকে ছোৱালীজনীৰ কোঠাৰ দুৱাৰখন খোলা দেখা পায় যদিও মাতৃ-কন্যাক নেদেখি বাহিৰলৈ ওলাই আহে ৷ ঘৰৰ পৰা উত্তৰ দিশে কিছু গছ-গছনিৰে ভৰা নিৰ্জন ঠাইত এগৰাকী যুৱতী চিপ লৈ আত্মহত্যা কৰা বুলি জানি মাকক ফোন কৰি ক’ত আছে বুলি সোধে ৷ মাকে থানাত থকাৰ কথা কোৱাত ঘৰৰ ওচৰত অঘটন এটা হোৱা বুলি জনোৱাত মাক উধাতু খাই ঘটনাস্থলীলৈ আহে আৰু তেওঁৰ জীয়ৰীৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে। ঘটনাটোৱে চহৰখনত শোকৰ ছাঁ পেলাইছে।
প্ৰেৰক শুকুৰ আকন্দ