🔹 জলবিদ্যুৎ প্ৰকল্পৰ কুফল ভুগিছে ৰঙানদীপৰীয়াই
বিশেষ বার্তা, ১৭ ফেব্ৰুৱাৰী : নদী সভ্যতাক কেন্দ্ৰ কৰি জীৱন পৰিক্ৰমা গঢ় লৈ উঠাৰ লগতে নদীভিত্তিক নিজস্ব কলা-সংস্কৃতি, সভ্যতাৰে জীৱন নিৰ্বাহৰ বুনিয়াদ গঢ়ি তোলা অসমৰ এটা বৃহৎ জনগোষ্ঠী বৰ্তমানে আধুনিকতাৰ হাতোৰাত বন্দী হৈ নিঃশেষ হ’বলৈ ধৰিছে। আদিম যুগৰে পৰা নদীৰ পলসুৱা মাটি, জীৱন নিৰ্বাহৰ বাবে অতিকৈ প্ৰয়োজনীয় নদীৰ পানী, প্ৰয়োজনত সহজতে উপলব্ধ খৰি, ঘৰ বনাবৰ বাবে নদীকাষৰীয়া খেৰ, খাগৰি, নল, পোহনীয়া জীৱ-জন্তুৰ বাবে খাদ্য, মাছ-কাছ আদি সকলো নদীৰ পৰা সহজে আহৰণ কৰি নদীভিত্তিক জীৱন প্ৰণালী গঢ়ি তোলা অন্যান্য বহু জাতি-জনগোষ্ঠীৰ লগতে উজনি অসমৰ মিচিং জনগোষ্ঠীয় লোকসকলে নদীক কেন্দ্ৰ কৰিয়েই বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা বসবাস কৰি আহিছে। উত্তৰ অসমৰ লখিমপুৰ জিলাৰ সোৱণশিৰি আৰু ৰঙানদীক কেন্দ্ৰ কৰি বসবাস কৰা মিচিং জনগোষ্ঠীটো সম্প্ৰতি বিপৰ্যয়ৰ সন্মুখীন হ’ব লগা হৈছে। নদীকেইখনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সভ্যতা, সংস্কৃতি, ব্যৱসায়, বাণিজ্যলৈও অশনি সংকেত নামি আহিল নদীৰ অপমৃত্যুত। আধুনিক সভ্যতা গঢ় দিয়াৰ নামত প্ৰতিখন চিৰপ্ৰবহমান নদীৰ উৎপত্তিস্থলত কৃত্ৰিম বান্ধ নিৰ্মাণ কৰি স্বাভাৱিক গতিক বাধা প্ৰদান কৰাৰ লগতে নদীৰ প্ৰবাহিত পানী কৃত্ৰিম বান্ধত আবদ্ধ কৰি ৰখাত নদীৰ বক্ষ মৰুময় হৈ পৰাত নদীকাষৰীয়া ৰাইজৰ জীৱন নিঃশেষ হৈ আহিছে। আনহাতে, লখিমপুৰ জিলাৰ মাজেৰে প্ৰবাহিত ৰঙানদীৰ উৎপত্তিস্থলত বহুজাতিক কোম্পানী নীপকোৱে নিৰ্মাণ কৰা ৪০৫ মেগাৱাট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ কু-ফল বৰ্তমানে ৰঙানদীপৰীয়া ৰাইজে ভোগ কৰিছে। ৰঙানদীপৰীয়া তেলাহী আৰু নাওবৈচাৰ শতাধিক গাঁৱৰ ৰাইজে আশা কৰিছিল ৰঙানদী জলবিদ্যুৎ প্ৰকল্প হ’লে ৰঙানদীপৰীয়া ৰাইজ বাৰিষাৰ সংহাৰী বানৰ পৰা পৰিত্ৰাণ পাব। জলবিদ্যুৎ প্ৰকল্পৰ পৰা উৎপাদিত বিদ্যুতে লখিমপুৰ আলোকিত কৰিব, উন্নত হ’ব জীৱন নিৰ্বাহ প্ৰণালীৰ মান। পিছে নদীপৰীয়া ৰাইজৰ আশা বাস্তৱত পৰিণত হোৱাটো দূৰৈৰে কথা, বৰ্তমান বাৰিষাৰ বান্ধৰ অতিৰিক্ত পানী খুলি দিয়াৰ ফলত হঠাতে জলপ্ৰলয়ৰ সূচনা কৰি ৰঙানদীৰ দুয়োপাৰৰ ৰাইজৰ জীৱন, সম্পত্তি, আন্তঃগাঁথনি আৰু কৃষি অৰ্থনীতি ধাৰাবাহিকভাৱে বিধ্বস্ত কৰি আহিছে। অসমৰ সীমান্তৰ পৰা ৪৫ কিলোমিটাৰ নিলগৰ য়াজুলিত নিৰ্মাণ কৰা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা অৰুণাচল প্ৰদেশে বিনামূলীয়া বিদ্যুৎ, নিবনুৱা সংস্থাপন লাভ কৰাৰ বিপৰীতে অসমৰ নদীপৰীয়া জনগণে কেৱল দুৰ্যোগ, বিপৰ্যয়ৰ লগত সহবাস কৰিব লগা হৈছে। জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ আনফালে বনাঞ্চল ধ্বংসযজ্ঞ বাবেই নদীখন বাৰিষাও মৰুময় হৈ পৰে। আধুনিক মানৱ জাতিৰ পৰিকল্পনাহীন , ধ্বংসাত্মক কৰ্মকাণ্ডই নদীখনক ঠেলি দিছে অপমৃত্যুৰ দিশে। ওপজা দিনৰে পৰা যিখন নদীৰ বুকুত সাতুৰি-নাদুৰি, নদীৰ নিৰ্মল বায়ু সেৱন কৰি, নদীৰ বুকুত নানানটা বেপাৰ-বাণিজ্য কৰি জীৱন পাৰ কৰি অহা সেইখন নদীৰ অপমৃত্যুত ৰঙানদীপৰীয়া মিচিং জনগোষ্ঠীটোৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীয়ে নীৰৱে উচুপি উঠিছে।
প্ৰেৰক নিতুল বৰা