লোকসভা নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু ইউপিপিএল : প্ৰমোদ বড়ো
বৰমাত ইউপিপিএলৰ নিৰ্বচনী প্ৰস্তুতি সভা
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : বাক্সা জিলাৰ বৰমাৰ খাৰুৱাত ইউ পি পি এলৰ সাতাটাকৈ চেল আৰু লিডাৰশ্বিপসকলক লৈ নিৰ্বাচনী প্ৰস্তুতিৰ সভা এখন অনুষ্ঠিত হয় ৷ সভাত আগন্তুক লোকসভা নিৰ্বাচনক লৈ আলাপ আলোচনা কৰা হয়৷ সভাৰ পিছত সাংবাদিকৰে হোৱা সাক্ষাতকাৰত বিটিআৰ চীফ প্ৰমোদ বড়োৱে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু হোৱা বুলি কৈ বিজেপি আৰু ইউ পি পি এলে মিলি এইবাৰৰ নিৰ্বাচনত বহুত ভোটত জিকি আহিব বুলি কয় ৷ তেওঁ আৰু কয়, কোকৰাঝাৰ, দৰং ওদালগুৰিত কোনো যুঁজ নাই, যুঁজিব পৰা কোনো দলো নাই, প্ৰাৰ্থীও নাই বুলি কৈ ইতিমধ্যে বি টি আৰ অঞ্চলত ইউ পি পি এলত যোগদান সভা অনুষ্ঠিত হৈ থকাৰ কথা উল্লেখ কৰে৷ তেওঁ ইউ পি পি এলত লাখৰো অধিক যোগদান কৰিবলৈ আহি থকা বুলি কয়৷ কোকৰাঝাৰ সমষ্টিটো ইউ পি পি এল দলে বিচৰা বুলি কৈ আলোচনাৰ মাধ্যমতহে সকলো হব বুলি কয় ৷ তেওঁ দৰং ওদালগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিব বুলি কৈ দুয়োটা সমষ্টিত বিজয়ী হব বুলি কয়৷ ইপিনে তেজপুৰ, গুৱাহাটীকে ধৰি কেইবাটাও সমষ্টিত মিত্ৰজোটৰ প্ৰাৰ্থী থাকিব বুলি কৈ আৰু তাত সম্পূৰ্ণৰূপে ইউ পি পি এল দলৰ ছাপোৰ্ট থাকিব বুলি কয়৷ ইপিনে ই এম ৰাকেশ ব্ৰহ্মই লোকসভাৰ নিৰ্বাচনটো এটা উৎসৱ হিচাপে লোৱা বুলি কয় ৷ তেওঁ সকলোৱে লগে ভাগে ইউ পি পি এল দলৰ হকে কাম কৰিব লাগে বুলি কয় ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু ইউ পি পি এল মিলি প্ৰায় ৯ লাখ ভোট পোৱাৰ উদ্দেশ্যক সফল ৰূপ দিয়াৰ বাবে সকলো শ্ৰেণীৰ চেলকে দায়িত্ব দিয়াৰ কথা ব্যক্ত কৰে ৷ গণতন্ত্ৰৰ উৎসৱ কৰিবলৈ সময় আহি পৰিছে বুলি কৈ তেওঁ সম উন্নয়নৰ, ন্যায়ৰ, শান্তিৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ সভাত ইউ পি পি এল দলৰ দলীয় নেতাসকলৰ লগতে পুৰুষ-মহিলা প্ৰতিটো চেলৰ কৰ্মীসকল উপস্থিত থাকে ৷
প্ৰেৰক পংকিল বৰ্মন