বিশেষ বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ হিন্দু যুৱতী এগৰাকীক মুছলমান যুৱক এজনে অপহৰণ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নলবাৰীত। পিছত উদ্ধাৰ হোৱা যুৱতীগৰাকী আৰক্ষীৰ কব্জাৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হোৱা ঘটনাক লৈ নিৰুদ্দিষ্ট যুৱতীগৰাকীৰ সন্ধান বিচাৰি কালি নিশা নলবাৰী সদৰ থানা উত্তপ্ত কৰি তোলে বজৰংগ দল, বিশ্ব হিন্দু পৰিষদৰ সদস্যই। আনকি বজৰংগ দল, বিশ্ব হিন্দু পৰিষদ, বিজেপি যুৱ মৰ্চাৰ সদস্যই নলবাৰী সদৰ থানাৰ সম্মুখতে আৰক্ষী মুৰ্দাবাদ ধ্বনি দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। উল্লেখ্য যে যোৱা ১৬ ফেব্ৰুৱাৰীত জিলাখনৰ খাট কটৰা (বৰ খানাজান) গাঁৱৰ বিপিন কলিতা নামৰ লোকজনে নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’চি) অৰূপ বৈশ্য, থানাখনৰ টি এছ আই ৰুমী ঠাকুৰীয়া, প্ৰথম অৱস্থান কেন্দ্ৰ ‘সখী’ৰ কৰ্মচাৰী ভণিতা বৰ্মনৰ বিৰুদ্ধে জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ পিছতেই তদন্ত চলাই গোচৰৰ তদন্তত হেমাহি কৰাৰ অভিযোগত তদন্তকাৰী বিষয়া টাউন দাৰোগা ৰুমী ঠাকুৰীয়াক চাকৰিৰ পৰা নিলম্বন কৰে। অপহৃত যুৱতীগৰাকীৰ পিতৃ বিপিন কলিতাই কন্যাৰ অপহৰন সন্দৰ্ভত আৰক্ষী অধীক্ষকক কৰা অভিযোগ অনুসৰি, তেওঁৰ কন্যা ১০ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হোৱা বুলি পিতৃ বিপিন কলিতাই নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত ছোৱালীজনী যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ‘সখী’ নামৰ প্ৰথম অৱস্থান কেন্দ্ৰৰ তত্বাবধানত থাকে।পৰৱৰ্তী সময়ত পৰিয়ালৰ সন্মতিত ছোৱালীজনী ঘৰলৈ যোৱাৰ সিন্ধান্ত লয়। দুৰ্ভাগ্যজনকভাৱে ১৬ ফেব্ৰুৱাৰীৰ দিনা পুৱা ১০ বাজি ৩৭ মিনিটত থানাৰ তদন্তকাৰী বিষয়াজনে ছোৱালীজনীক ফুচুলাই নিয়ে। তাৰ পিছৰ পৰা ছোৱালীজনী নিৰুদ্দেশ হৈ থাকে। পিছত নিৰুদ্দিষ্ট ছোৱালীজনী সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়া (অ’চি) গৰাকীক অৱগত কৰাত তেওঁ একো নাজানো বুলি কোৱাত আমাৰ সমগ্ৰ ঘটনাটোৰ ওপৰত সন্দেহ ওপজে। লগতে এই সমগ্ৰ ঘটনাত বৃহৎ ধনৰ লেনদেন হোৱাৰ সন্দেহ হয়। এই লেনদেনত থানাৰ অ’চি অৰূপ বৈশ্য আৰু টাউন দাৰোগা ৰুমী ঠাকুৰীয়া জড়িত থকাৰ সন্দেহ হয়। এনেদৰে দুই আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভুক্তভোগীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত এজাহাৰ দাখিল কৰা ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন