নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত কংগ্ৰেছৰ এতিয়া কোনো অস্তিত্বই নাই : পবিত্ৰ মাৰ্ঘেৰিটা

এঘন্টাতে কংগ্ৰেছী নেতা-বিধায়কক বিজেপিলৈ আনিব পাৰি : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

বিশেষ বাৰ্তা, নতুন দিল্লী, ১৮ ফেব্ৰুৱাৰীঃ মাত্ৰ এঘন্টাৰ ভিতৰত কংগ্ৰেছৰ যিমান নেতা-বিধায়ক আছে বিজেপিলৈ লৈ আনিব পাৰি। পিছে আমাৰ কিছু নীতি-নিয়ম আছে। সেই কাৰণে আমি সকলোকে লব নোৱাৰি। বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসৰ শেহতীয়া স্থিতিক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দিল্লীত দলৰ দুদিনীয়া ৰাষ্ট্ৰীয় অধিবেশনত অংশগ্ৰহণ কৰা বৰুৱাৰ বক্তব্য- কংগ্ৰেছ দলটোত এতিয়া কোনো নেতাই থাকিব বিচৰা নাই। বাস্তৱত অসমত কংগ্ৰেছৰ এতিয়া কোনো অস্তিত্বই নাই। অনুৰূপ মন্তব্য বিজেপি সাংসদ তথা মুখ্য়মন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰো। মাৰ্ঘেৰিটাৰ মতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো খোদ বিজেপিত যোগদানৰ বাবে লিখিত আবেদন সাজু কৰি ৰাখিছে। কেৱল কংগ্ৰেছ বুলি নহয়, অখিল গগৈৰ ৰাইজৰ দল, লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদৰ নেতৃত্বয়ো বিজেপিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলি আছে। আনহাতে কংগ্ৰেছৰ একাংশ মিঞা নেতা-কৰ্মী আৰু গৌৰৱ গগৈৰ নিচিনা দুই এজন নেতাক বাদ দিলে কোনেও দলটোত থাকিব বিচৰা নাই। সকলোৱেই এতিয়া বিজেপিমুখী হৈ আছে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এজন শিক্ষিত তথা সংস্কৃতিৱান পৰিয়ালৰ সদস্য বুলি অভিহিত কৰি মাৰ্ঘেৰিটাই কয় যে তেওঁৰ নিচিনা মানুহ এজনে কেৱল মিঞা মিঞা কেনেকৈ কৰি থাকিব পাৰে সেয়া বিস্ময়কৰ বিষয়। মই নিশ্চিত যে ভূপেন বৰায়ো অতি সোনকালে বিজেপিত যোগদান কৰিব। আনহাতে বিজেপিক অজগৰ বুলি অভিহিত কৰা বৰাক উভতি ধৰি মাৰ্ঘেৰিটাই কয় যে দৰাচলতে অজগৰ কোন সেয়া আমাক চাব লাগিব। অসমত অজগৰ বুলি কলে মই ভাবো যে মিঞাসকলেই হৈছে অজগৰ। অসমীয়া ভাষা-কলা-সংস্কৃতিক মিঞাসকলেই গ্ৰাস কৰি আছে। বিজেপিয়ে কাকো গ্ৰাস কৰা নাই। আমাৰ প্ৰতি আকৃষ্ট হৈ হে আন দলৰ নেতাসকলে আমাৰ কাষ চাপিছে। উল্লেখ্য় যে দলৰ দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নিশা তেওঁৰ চৰকাৰী বাসভৱনত তেওঁৰ সতীৰ্থ মন্ত্ৰীমণ্ডলৰ উপৰি ৰাজ্যৰ দলীয় সাংসদ-বিধায়কসকলক নৈশভোজত আমন্ত্ৰণ জনাই এখন বৈঠকত মিলিত হোৱাৰ কথা। কাইলৈ সৰহসংখ্যক বিজেপি নেতাই গুৱাহাটীলৈ উভতি যাব। উল্লেখ্য যে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় অধিবেশনত ৰাজ্যৰ মুঠ ৫০৩জন দলীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক কল্লোল ভৌমিক

You might also like