নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত চোৰৰ দৌৰাত্ম্য ৰোধত আৰক্ষীৰ পুতৌজনক ভূমিকা

🔹 আমগুৰি গাঁৱত চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ ,নগদ ধন

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : শিৱসাগৰ আৰক্ষীৰ কঠোৰ নিৰাপত্তাক অংগুষ্ঠ দেখুৱাই গভাইত চোৰৰ দলে ঐতিহাসিক মেটেকা গাঁৱৰ ৰীমা বৰা নামৰ বিধৱা মহিলাগৰাকীৰ ঘৰত সংঘটিত কৰা চুৰি কাণ্ডই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ মেটেকা আমগুৰি গাঁৱত সংঘটিত হ’ল আন এক দুঃসাহসিক চুৰি কাণ্ড ৷ পূৰ্বৰ ঘটনাস্থলীৰ পৰা মাত্ৰ আঠশ মিটাৰ ব্যৱধানত সংঘটিত দ্বিতীয় চুৰিৰ ঘটনাই অঞ্চলজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত জয়সাগৰ আৰক্ষীৰ এটা দলে ঘটনাস্থলী পৰিভ্ৰমণ কৰি অনুসন্ধান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে চোৰৰ দলৰ কোনো সন্ধান লাভ কৰা নাই ৷ প্ৰাপ্ত বাতৰি মতে, আমগুৰি জোলাগাঁৱৰ নিৱাসী তথা অ’ এন জি চিৰ সদ্য অৱসৰী বিষয়া মাহমুদ হাছানে গলব্লাডাৰৰ অস্ত্ৰোপচাৰৰ বাবে একমাত্ৰ কন্যাসহিতে গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৷ পৰিয়ালৰ আন সদস্যসকলে নিয়মিত চোৱাচিতা কৰাৰ লগতে অতি সুৰক্ষিত স্থানত থকা বাসগৃহটো আজি পুৱা আত্মীয়ৰ লোকে আনদিনাৰ দৰে চাবলৈ আহোঁতে প্ৰত্যক্ষ কৰে পিছফালৰ লোহাৰ গ্ৰিল ভাঙি ভিতৰত লুটপাত চলোৱাৰ তথ্য৷ পৰিয়ালৰ বাকী সদস্যসকলে জানিবলৈ দিয়া মতে, ঘৰটোৰ চৌহদৰ কাষত লাগি থকা প্ৰায় সাত ফুট উচ্চতাৰ কাঁটা তাঁৰৰ বেৰা অতিক্ৰম কৰি লোৰ গ্ৰিল ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ পিছত তিনিটা কোঠাৰ মুঠ তিনিখনকৈ দৰ্জাৰ হুক ভাঙি পেলাইছিল ৷ ইয়াৰ পিছতেই গৃহটোৰ আটাইকেইটা গডৰেজৰ তলা ভাঙি একমাত্ৰ তনয়াৰ আগন্তুক বিবাহৰ বাবে সাজু কৰি ৰখা সোণৰ আ-অলংকাৰ, বেলা, বাউতি, চেইন, আঙঠিৰ লগতে জোৰোণৰ এটি মূল্যৱান হীৰাৰ আঙঠিকে ধৰি নগদ ধন লৈ যোৱা বুলি পৰিয়ালৰ সদস্যসকলে জনাইছে ৷ কিন্তু মাহমুদ হাছান আৰু কন্যাগৰাকী গুৱাহাটীত থকাৰ বাবে চুৰি হোৱা সামগ্ৰীৰ সঠিক হিচাপ উলিওৱাত সমস্যাৰ সৃষ্টি হৈছে ৷ চোৰৰ দলটোৱে ঘৰটোৰ সকলো সামগ্ৰী লণ্ডভণ্ড কৰি থৈ যায় ৷ লক্ষণীয়ভাৱে তিনি দিনৰ পূৰ্বে মেটেকাৰ ৰীমা বৰাৰ ঘৰত সংঘটিত চুৰি কাণ্ডৰ লগত আমগুৰি গাঁৱত আজি সংঘটিত চুৰি কাণ্ডৰ বহু মিল পৰিলক্ষিত হৈছে৷ বিশেষকৈ চোৰৰ দলৰ প্ৰৱেশ আৰু প্ৰস্থান, তলা ভঙাৰ কৌশল, সোণৰ গহনা গডৰেজৰ পৰা উলিয়াই নিয়াৰ পিছত আন কাপোৰকে ধৰি সা-সামগ্ৰী মজিয়াত ছেদেলি-ভেদেলি কৰি পেলাই দিয়া, গৃহস্থৰ অনুপস্থিতিত লুটপাত চলোৱা ইত্যাদি বিষয়ে একেটা চোৰৰ দলেই দুয়োটা চুৰিৰ ঘটনাৰ লগত জড়িত থকাৰ সম্ভাৱনা প্ৰকট কৰিছে ৷ স্থানীয় ৰাইজে এনেদৰে চোৰে অবাধ গতিত চলাই অহা দৌৰাত্ম্য ৰোধৰ ক্ষেত্ৰত আৰক্ষীৰ পুতৌজনক ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে চোৰৰ দলটোক জালত পেলাবলৈ আৰক্ষীৰ ওচৰত দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like