নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ কল্যাণপুৰত সুদখোৰ আটক, ন্যায়িক জিম্মালৈ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : নগৰবেৰা আৰক্ষীয়ে আজি পুৱাৰ ভাগত কল্যাণপুৰ গাঁৱৰ জমিৰ আলী নামৰ এজন লোকক সুদ লোৱাৰ অভিযোগত আটক কৰে| পুৱাৰ ভাগত লোকজনক আৰক্ষীয়ে জেৰা চলাই দুপৰীয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে | লোকজনক সুদত টকা দিয়া বুলি থকা লিখিত দলিলৰ ভিত্তিত আটক কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী থানাৰ অ’চি লাৱণ্য বড়োই |এই অভিযান ধাৰাবাহিকভাবে চলোৱা হ’ব বুলিও জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like