🔹 কাজিৰঙাৰ পর্যটনত অভিনৱ সংযোজন
🔹 চাইক্লিং–নৌকা বিহাৰৰ সু-ব্যৱস্থা : ব্রহ্মপুত্রৰ বুকুত ‘the Queen’ত পৰিভ্রমণ কৰি উপভোগ কৰিব পাৰিব ৰাষ্ট্রীয় উদ্যানৰ প্রাকৃতিক সৌন্দর্য
নিয়মীয়া বাৰ্তা, ২৮ ফেব্রুৱাৰী : কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ দাঁতিকাষৰীয়া কাঞ্চনজুৰি চাহ বাগিচাৰ অপৰূপ প্রাকৃতিক সৌন্দর্যৰ মাজত নির্মাণ হৈছে ‘বাণী গ্রীন্ছ’ নামৰ এখন আটকধুনীয়া ৰিজ’ৰ্ট ৷ ইতিমধ্যে ৰিজ’ৰ্টখনৰ ৱেবছাহট www.vaanigreens.com মুকলি কৰা হৈছে৷ সকলোধৰণৰ সু-ব্যৱস্থা থকা ৰিজ’ৰ্টখন দেশী–বিদেশী পর্যটকৰ বাবে মুকলি কৰা হ’ব অহা ১ মার্চৰ পৰা৷ অৰণ্যৰ মাজত পর্যটকৰ বাবে বিলাসবহুল সু-ব্যৱস্থা ৰাখিছে ৰিজ’ৰ্টখনে৷ পর্যটকৰ বাবে ‘জিঅ’ডেছিক ড’ম্ছ’ নামৰ তিনিটা বিশেষ কটেজ নির্মাণ কৰিছে৷ এই কটেজৰ ভিতৰৰ পৰাই পর্যটকে চাব পাৰিব কাজিৰঙাৰ দাঁতিকাষৰীয়া সেউজ কার্বি পাহাৰ, কাঞ্চনজুৰি চাহ বাগিচাৰ অপৰূপ সৌন্দর্য, হৰিণ–হাতী আদি বন্যজন্তু৷ লগতে সকলো সা–সুবিধাযুক্ত ‘ছুইট’ কোঠাকে ধৰি নির্মাণ কৰা হৈছে বহুকেইটা আটকধুনীয়া কোঠা৷ আনহাতে, পর্যটকে কাঞ্চনজুৰি চাহ বাগিচাৰ সেউজীয়া পৰিৱেশৰ মাজেৰে চাইকেলিং কৰাৰ ব্যৱস্থা কৰিছে৷ বাগানৰ মাজত নৌকা বিহাৰ কৰাৰো সু-ব্যৱস্থা কৰা আছে৷ ইপিনে, দেশী–বিদেশী পর্যটকৰ অধিক মনোৰঞ্জনৰ বাবে ব্রহ্মপুত্রৰ বুকুত উঠি ‘দ্য কুইন’ নামৰ জাহাজত নৌকা বিহাৰ কৰি সৌন্দর্যৰ মধ্যমণি কাজিৰঙাৰ নৈসর্গিক প্রাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰিব৷ এই নৌকা বিহাৰৰ সময়তে পর্যটকে ব্রহ্মপুত্রৰ বালিচৰত বনভোজৰ আনন্দ ল’ব পাৰিব৷ দেশী–বিদেশী পর্যটকসকলে এই অত্যাধুনিক ৰিজ’ৰ্টখনত যাপন কৰি উপভোগ কৰিব পাৰিব কাজিৰঙাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ মনোমোহা প্রাকৃতিক সৌন্দর্য৷ উল্লেখ্য যে কাঞ্চনজুৰি চাহ বাগিচাৰ মাজত পর্যটকৰ বাবে স্থাপন কৰা হৈছে এখন মনোমোহা পক্ষী উদ্যান, য’ত সংৰক্ষণ কৰা হৈছে দুষ্প্রাপ্য প্রজাতিৰ ১২৯বিধ চৰাই৷ এক মার্চৰ পৰা ৱেবছাহট www.vaanigreens.com দ্বাৰা ৰিজ’ৰ্টখনৰ ৰুম বুকিং কৰিব পাৰিব দেশী–বিদেশী পর্যটকে৷ আনহাতে +৯১–৮৮২২০০৭৭২২ নম্বৰৰ যোগেদিও ৰুম বুকিং কৰিব পাৰিব৷ ৰিজ’ৰ্টখনৰ সম্পূর্ণ যোগাযোগৰ ঠিকনা– কাঞ্চনজুৰি চাহ বাগান, বুঢ়াপাহাৰ, কাজিৰঙা, অসম৷
প্ৰেৰক ৰঞ্জিত ৰজক