🔹 সত্ৰাধিকাৰৰ লগতে শংকৰদেৱ কৃষ্টি সংঘৰ অভিনন্দন
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰই সত্ৰীয়া সংস্কৃতিৰ জগতত বিশেষ খ্যাতি লাভ কৰিছে। সত্ৰখনিৰ উদাসীন বৈষ্ণৱসকলে গুৰু দুজনাৰ মৌখিক পৰম্পৰা জীৱন্ত ৰূপত সংৰক্ষণ-সংবৰ্ধন তথা প্ৰচাৰ-প্ৰসাৰ কৰি আহিছে। গৌৰৱোজ্জ্বল ৩৫০ বছৰ পূৰ্ণ কৰা সত্ৰখনিত উদাস ভকতে গুৰু-শিষ্য পৰম্পৰাৰে নিভাঁজ ৰূপত সত্ৰীয়া সংস্কৃতি ধৰি ৰখাই নহয়, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে। এই সত্ৰৰে দুগৰাকী বৰ্তমান সত্ৰৰ বৈষ্ণৱ আৰু আন এগৰাকী একালৰ বৈষ্ণৱ মুঠ তিনিগৰাকী ব্যক্তিয়ে সংগীত নাটক একাডেমী বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সংগীত নাটক একাডেমীয়ে ঘোষণা কৰা সংগীত নাটক একাডেমী ২০২২ বৰ্ষৰ বঁটা উত্তৰ কমলাবাৰী সত্ৰৰ একালৰ বৈষ্ণৱ, মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ বিশেষজ্ঞ, গৱেষক, লেখক, দেশে-বিদেশে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰত আত্মনিয়োগ কৰা প্ৰাক্তন অধ্যক্ষ কৰুণা বৰাই অংকীয়া ভাওনাৰ বিষয়ত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে। কৰুণা বৰা এগৰাকী নৃত্যশিল্পী হোৱাৰ লগতে এগৰাকী সু-লেখক। তেওঁৰ সত্ৰীয়া নৃত্যৰ ওপৰত লেখা গ্ৰন্থ সৰ্বজন সমাদৃত হৈছে। তেওঁ ইতিমধ্যে বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আন এগৰাকী শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ অধ্যাপক ভবেন বৰবায়নে সত্ৰীয়া নৃত্যৰ বিষয়ত সংগীত নাটক একাডেমী বঁটা-২০২৩ লাভ কৰি সত্ৰবাসীক গৌৰৱান্বিত কৰিছে। ভবেন বৰবায়ন এজন নীৰৱ সাধক। ১০০ৰ অধিক ভকতৰ ল’ৰাক সত্ৰীয়া নৃত্য খোলবাদনৰ শিক্ষা প্ৰদান কৰিছে। বহু বিদেশী নৃত্যশিল্পীকো ভবেন বৰবায়নে নৃত্য শিক্ষা প্ৰদান কৰিছে। অসমৰ ৩০ৰো অধিক অঞ্চলত গায়ন-বায়ন, সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। ২০০৮ চনত ফান্স, ২০১০ চনত ভূটান আৰু ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সত্ৰীয়া নৃত্য-গীত, নাট পৰিবেশন কৰি সত্ৰীয়া সংস্কৃতিৰ দুগুণ জেউতি বৃদ্ধি কৰিছে। আন এগৰাকী উত্তৰ কমলাবাৰী সত্ৰৰ যুৱ বৈষ্ণৱ মুকুন্দ শইকীয়া বৰবায়নে সত্ৰীয়া নৃত্যৰ বিষয়ত ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ লাভ কৰিছে। মুকুন্দ বৰবায়নে শৈশৱ কালতে উত্তৰ কমলাবাৰী সত্ৰলৈ আহি প্ৰয়াত পৰমানন্দ বৰবায়নৰ তত্ত্বাৱধানত সত্ৰীয়া শিক্ষা গ্ৰহণ কৰিছিল । ২০০৮ চনত সুদূৰ ফান্স, ২০১০ চনত ফান্স, ২০১৬ চনত আমেৰিকা, ২০১৮ চনত ইংলেণ্ড, ভাৰতৰো বিভিন্ন ৰাজ্যত সত্ৰীয়া নৃত্য, নাট আদি পৰিৱেশন কৰি অসমী আইৰ মান বৃদ্ধি কৰিছে। পুৱা তিনিওগৰাকী বঁটাপ্ৰাপকক উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দৱ গোস্বামীয়ে আশিস নিৰ্মালি প্ৰদান কৰে। উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ সভাপতি মণিৰাম বৰগায়ন, সম্পাদক তীৰ্থ ভূঞা বৰগায়ন, পদ্মশ্ৰী গোপীৰাম বুঢ়াভকত, বিধায়ক ভুবন গাম, শিল্পী উপেন বৰগায়ন আৰু ড০ ভূপেন হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক ড০ যাদৱ চন্দ্ৰ বৰাই শুভেচ্ছা জ্ঞাপন কৰে । উত্তৰ কমলাবাৰী সত্ৰৰ বাকৰিতে উদাসীন পৰম্পৰাৰ মাজত থাকি গুৰু পৰম্পৰা শিকন-শিক্ষণৰ মাজেদি ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাটো গৌৰৱৰ কথা বুলি সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে উল্লেখ কৰে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড