নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰত ২৬৩গৰাকীক ভূমিপট্টা প্ৰদান

নিয়মীয়া বাৰ্তা,  ২৮ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ কামপুৰ ৰাজহ চক্ৰ সদৰ ৰাজহ চক্ৰ তথা নৱগঠিত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰাজহ গাঁওসমূহৰ ২৬৩ গৰাকী লোকক আজি বঢ়মপুৰৰ শ্বহীদ ভৱনত মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমিপট্টা প্ৰদান কৰা হয়। সমাজকৰ্মী যতীন বৰাই আঁত ধৰা এই অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভূমিপট্টা প্ৰদান কৰে ৷ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ভুমিপট্টা প্ৰদান অনুষ্ঠানত ভাষণ প্ৰসংগত কয় যে আগৰ দিনত ৰাইজে মাটিৰ পট্টাৰ কাৰণে ৰাজহ চক্ৰ কাৰ্যালয়লৈ গৈ গৈ ভাগৰি পৰিছিল ৷ বৰ্তমান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত জিলা প্ৰশাসনে ৰাইজক মাতি আনি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা ল‘ব লগা হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ নগাঁও জিলা অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাঙে মিছন বসুন্ধৰা সম্পৰ্কীয় বিষয়ৰ লগতে যুগ যুগ ধৰি ভূমিপট্টাৰ পৰা বঞ্চিত হোৱা ৰাইজক পুনৰ বসুন্ধৰা ৩.০ত আবেদন জনাবলৈ আহ্বান জনায় ৷ আজি অনুষ্ঠিত ভূমিপট্টা প্ৰদান অনুষ্ঠানত কামপুৰ ৰাজহ চক্ৰ বিষয়া অনন্যা লস্কৰ, চামগুৰি ৰাজহ চক্ৰ বিষয়া ময়ূৰ পংখী বৰা, প্ৰাক্তন উপ-পৌৰপতি প্ৰমোদ লস্কৰ আদিকে ধৰি বহুকেইজন গণ্যমান্য লোক উপস্থিত থাকে । উল্লেখ্য যে চামগুৰি, কামপুৰ, নগাঁও সদৰ আৰু ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ১০গৰাকী হিতাধিকাৰী ক্ৰমে বাবুল দাস, পদুমী দাস, ললিত চন্দ্ৰ দাস, গদব বসুমতাৰী, বেচিমাই বেপি মাগৰ, শুভকান্ত হাজৰিকা, বীৰেন মুদৈ, বগীমাই বৰা, কুকিলা চামুল্য, লক্ষেশ্বৰ দাধৰাক প্ৰতীকী ৰূপত আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰাৰ পাছত বাকীসকল হিতাধিকাৰীয়ে নিজ নিজ ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ বিষয়াৰ পৰা ভূমিপট্টা সংগ্ৰহ কৰে। উক্ত অনুষ্ঠানত ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰী, হিতাধিকাৰীকে ধৰি পাঁচ শতাধিক লোক উপস্থিত থাকে বুলি জানিব পৰা গৈছে৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like