নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ ভেলৌগুৰি থানাৰ আৰক্ষীৰ এটা অভিযানকাৰী দলে এক গোপন সূত্ৰৰ পম খেদি ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ পৰা দুই জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জালনোট সৰবৰাহকাৰী দুটাৰ ঘৰ শোণিতপুৰ জিলাত বুলি জানিব পৰা গৈছে। ইয়াৰে এজন ৰাজিকুল আলী (৩৩) আৰু আনজন ছফিকুল ইছলাম (৩৫)। সৰবৰাহকাৰী দুটাৰ কবলৰ পৰা ভেলৌগুৰি আৰক্ষীৰ অভিযানকাৰী দলে জালনোট প্ৰস্তুত কৰা এটা মেচিনৰ লগতে ২০খন ৫০০টকীয়া জালনোট, দুটা মোবাইল ফোন আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে। লখিমপুৰ, অৰুণাচলৰ পিছত মৰিগাঁও জিলাৰ নৈকাষৰীয়া অঞ্চলত নকল টকা বনোৱা মেচিন উদ্ধাৰ হোৱা ঘটনাই সচেতন মহলক স্তম্ভিত কৰি তুলিছে।
প্ৰেৰক তাৰিকুল ইছলাম