নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ টেপছিয়া প্ৰাথমিক বিদ্যালয়ৰ পকী দেৱাল নিৰ্মাণৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত টেপছিয়া প্ৰাথমিক বিদ্যালয়ৰ আজি পকী দেৱাল নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২০২৩-২৪ বৰ্ষৰ বিত্তীয় সাহায্যাৰ্থে নিৰ্মান হব লগা ২৭নং বকো পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টেপছিয়া প্ৰাথমিক বিদ্যালয়ৰ পকী দেৱালৰ নিৰ্মানৰ কামৰ শুভাৰম্ভ কৰে পৰিষদীয় সমষ্টিটোৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই।শুভাৰম্ভ অনুষ্ঠানটোৰ আৰম্ভনিতে ষষ্ঠ অনুসূচী দাবী সমিতিৰ বকো আঞ্চলিক সমিতিৰ সভাপতি অপূৰ্ব ৰাভাই আঁত ধৰা অনুষ্ঠানটোত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২৭নং বকো পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ডালিমী বড়োই। ইয়াৰ পিছতে সুমিত ৰাভাই ভাষন প্ৰসংগত কয় যে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে বিশেষকৈ তিনিটা বস্তুক অধিক গুৰুত্ব দিয়ে। আমি শিক্ষা,স্বাস্থ্য আৰু কৃষিক অধিক গুৰুত্ব দি আহিছো।সেইমৰ্মে আজি বহুদিনে মোক কৈ অহা এই বিদ্যালয়খনৰ পকী দেৱাল খনৰ নিৰ্মানৰ কাম আজি শুভাৰম্ভ কৰিলো। ছাত্ৰ ছাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি এখন পকী দেৱাল অতিকৈ প্ৰয়োজন আছিল।আজি আমি এই পকী দেৱালৰ কাম ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২০২৩-২৪ বৰ্ষৰ বিত্তীয় সাহাৰ্য ৬ লাখ টকা ব্যয় সাপেক্ষে বিদ্যালয়লৈ আগবঢ়ালো।অনাগত দিনত আমি এই বিদ্যালয়ৰ বাবে আৰু কি কি কৰিব পাৰো তাৰ বাবে আমি চেষ্টা কৰিম।ইয়াৰ লগতে একেদিনাই কাৰ্যবাহী সদস্য সুমিত ৰাভাই তেওঁৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আঠকুপাৰাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৬ লাখ টকা ব্যয়েৰে ৩০০ মিটাৰ দৈৰ্ঘৰ এটি জিএচবি পথৰ নিৰ্মানৰ শুভাৰম্ভ আৰু টুৰুকপাৰাত বাবা বুঢ়া গোসাই মন্দিৰৰ পকী দেৱাল নিৰ্মানৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মানৰ কাম শুভাৰম্ভ কৰে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like