নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’বিৰোধী আন্দোলনত উত্তাল বাণিজ্য চহৰ তিনিচুকীয়া

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : পুনৰ ‘কা’বিৰোধী আন্দোলনত উত্তাল হৈ পৰিল বাণিজ্য চহৰ তিনিচুকীয়া। কেন্দ্ৰীয় চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ বলবৎ কৰা হ’ব বুলি ঘোষণা কৰা পাছতে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত শতাধিক পুৰুষ মহিলা ওলাই আহি তিনিচুকীয়া থানা চাৰিআলিত ‘কা’ বাতিলৰ দাবীত ঐক্যবদ্ধ গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। আন্দোলনৰ কাৰ্যসূচী চলি থকাৰ মাজতে তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰা লগতে প্ৰতিবাদৰ প্ৰাকক্ষণতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অৰ্ধশতাধিক নেতা সদস্যক। ছাত্ৰ নেতা উমানন্দ মুদৈ মৰাণ, কৃষক মুক্তিৰ নেতা মানৱ চেতিয়া, বিমান গগৈ লগতে মহিলা সহ ধৰি কেইবাগৰাকীও নেতা সদস্যক গ্ৰেপ্তাৰৰ কৰে। প্ৰতিবাদৰ প্ৰাকক্ষণতে কৃষক মুক্তিৰ লগতে ভাতৃ ভগ্নী সংগঠন সমূহৰ নেতা সদস্যক গ্ৰেপ্তাৰৰ পিছতে উত্তপ্ত হৈ পৰে তিনিচুকীয়া থানা চাৰিআলি। ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী অধীক্ষকগৰাকী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
প্ৰেৰ সুৰজ দাস
You might also like