কংগ্ৰেছত থকা সকলোৱেই বিভীষণ : কমলাক্ষ পুৰকায়স্থ
শীঘ্ৰেই মই বিজেপিত যোগদান কৰিম : কমলাক্ষ পুৰকায়স্থ
সময়ত ৰাজহুৱা কৰিম মুখ্যমন্ত্ৰীক চিএলপি মিটিঙৰ কথা জনোৱা ব্যক্তিৰ নাম
নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : ৰাহুল গান্ধীৰ ওচৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত বুলি আখ্যা দিবলৈ কমলাক্ষ দে পুৰকায়স্থক নিৰ্দেশ দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ চৰকাৰক সমৰ্থন জনোৱাৰ পিছত প্ৰথমবাৰ শিলচৰত উপস্থিত হৈ এই বিস্ফোৰক অভিযোগ কৰিছে কমলাক্ষ দে পুৰকায়স্থই ৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত মাজুলীলৈ যোৱাৰ সময়ত নাৱত ৰাহুল গান্ধীৰ ওচৰত দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি আখ্যায়িত কৰিছিল কমলাক্ষই৷ শিলচৰত উপস্থিত হৈ কমলাক্ষই এই বিষয়ে স্পষ্টীকৰণ দি কয়, সিদিনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত তেওঁ এই মন্তব্য কৰিবলৈ বাধ্য হৈছিল ৷ নাৱত উঠাৰ পূৰ্বে ৰাহুল গান্ধীৰ ওচৰত কি কব লাগে সেই বিষয়ে শিকাই দিয়া হৈছিল বুলি তেওঁ উল্লেখ কৰে৷ কমলাক্ষই কয়, বর্তমান কংগ্ৰেছত চৰকাৰবিৰোধী বক্তব্য দিবলৈ কোনো নাই৷ ফলত ভূপেন বৰাৰ নিৰ্দেশত সময়ে সময়ে চৰকাৰবিৰোধী মন্তব্য কৰিছিল তেওঁ। ইপিনে অতি সোনকালে বিজেপিত যোগদান কৰিব বুলি আজি ঘোষণা কৰিছে কমলাক্ষই৷ উপ-নিৰ্বাচনৰ ভাবে তেওঁ সম্পূৰ্ণ সাজু আছে বুলি উল্লেখ কৰে৷ কংগ্ৰেছত থকা সকলো বিভীষণ বুলি উল্লেখ কৰি কমলাক্ষই কয়, চিএলপি মিটিঙত হোৱা কথা-বতৰাবোৰ কোনে কোনে মুখ্যমন্ত্ৰীক জনায়, সেই সম্পৰ্কে সকলো জানো বুলি উল্লেখ কৰে তেওঁ৷ প্ৰয়োজনত নাম প্ৰকাশ কৰিব পাৰিম বুলি জনায় কমলাক্ষই৷ শিলচৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত কমলাক্ষক উষ্ণ আদৰণি জনায় সমৰ্থকসকলে ৷ পিছত সমৰ্থকসকলৰ সৈতে গাড়ী ৰেলী কৰি কৰিমগঞ্জলৈ ৰাওনা হয় কমলাক্ষ দে পুৰকায়স্থই৷ যোৱাৰ সময়ত শিলচৰ ৰেল ষ্টেচনত ভাষা শ্বহীদৰ স্মাৰকত শ্ৰদ্ধা জনায় কমলাক্ষই ৷