‘কা’ৰ বিৰুদ্ধে ধাৰাবাহিক প্রতিবাদী কাৰ্যসূচী ঘোষণা আছুৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে পুনৰ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিবলৈ সাজু হৈছে সদৌ অসম ছাত্র সন্থা (আছু)৷ আজি গুৱাহাটীত ৩০টা জনগোষ্ঠীয় সংগঠনৰ সৈতে অনুষ্ঠিত এখন সভাৰ অন্তত ‘কা’ বলৱৎ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে নিয়মাৱলী প্রয়োগ কৰিব বিচৰা কার্যৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিক্ষোভ প্রদর্শন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়৷ এক বিবৃতিত ছাত্র সংগঠনটোৱে সদৰী কৰা অনুসৰি ‘কা’ৰ বিৰুদ্ধে অহা ৪ মার্চত সমগ্র ৰাজ্যতে বাইক ৰেলী উলিওৱা হ’ব৷ প্রতিখন জিলা সদৰত আছুৰ উদ্যোগত এই বাইক ৰেলী উলিওৱা হ’ব বুলি বিবৃতিত সদৰী কৰা হৈছে৷ আনহাতে ‘কা’ৰ নিয়মাৱলী ঘোষণা কৰাৰ দিনাই সমগ্র অসমতে নিয়মাৱলীৰ প্রতিলিপি দাহ কৰা হ’ব বুলিও ছাত্র সংগঠনটোৱে ঘোষণা কৰিছে৷ সেইদৰে ‘কা’ৰ নিয়মাৱলী ঘোষণা কৰাৰ পিছদিনাই সমগ্র অসমৰ প্রতিখন জিলা সদৰত সত্যাগ্রহ অনুষ্ঠিত কৰিব৷ আনহাতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অহা ৮ মার্চৰ পৰা দুদিনীয়া অসম ভ্রমণৰ সময়তো প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে আছুৱে৷ বিবৃতিত উল্লেখ কৰা অনুসৰি ৮ মার্চত ‘কা’ আন্দোলনৰ শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জনাই সমগ্র অসমৰ প্রতিখন আঞ্চলিকৰ এলেকাত সন্ধিয়া বন্তি প্রজ্বলন কৰা হ’ব৷ সেইদৰে ৯ মার্চত সমগ্র অসমৰ প্রতিখন জিলাৰ সদৰ স্থানত পুৱা ৬ বজাৰ পৰা সন্ধয়া ৬ বজালৈ আছুৱে ১২ ঘণ্টীয়া অনশনৰ কার্যসূচাী ৰূপায়ণ কৰিব৷ আছুৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনে উক্ত ধাৰাবাহিক আন্দোলনৰ কার্যসূচীসমূহ ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাবলৈয়ো আজিৰ সভাতে সিদ্ধান্ত গ্রহণ কৰা হয়৷ ইফালে সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ সভাপতিত্বত আজি অনুষ্ঠিত সভাখনত ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি মূল বিষয়সমূহৰ ৰূপৰেখা দাঙি ধৰে৷ সভাখনত অংশগ্রহণ কৰি সংগঠনসমূহে অসম চুক্তি উলংঘাকাৰী ‘কা’ পূর্বৰ পৰা বিৰোধিতা কৰি অহা স্থিতি পুনৰ দোহাৰি কয়– ‘‘কা’ অসম আৰু উত্তৰ–পূবৰ খিলঞ্জীয়া জনসাধাৰণে মনা নাই আৰু ‘কা’ নামানে৷ উচ্চতম ন্যায়ালয়ত ‘কা’ বাতিলৰ বাবে এটা গোচৰ চলি থকাৰ সময়তে কেন্দ্রীয় চৰকাৰে আইনখন প্রণয়নৰ বাবে নিয়মাৱলী প্রয়োগ কৰিব বিচৰা কার্য চূড়ান্ত অন্যায় আৰু অবিচাৰ৷’