নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলপুৰ সমষ্টিত উন্নয়নমূলক কাৰ্যসূচীৰে বিকাশ যাত্ৰা

৪৮ কোটি টকাৰ আন্তঃগাঁথনিমূলক কামৰ আধাৰশিলা স্থাপন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা আৰু স্বাস্থ্যসেৱাত অধিক গুৰুত্ব প্ৰদান কৰিছে

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ বিজেপি চৰকাৰে ৰাজ্যৰ শিক্ষাখণ্ডত ২৬০০ কোটি টকা খৰচ কৰি স্বাধীনতাৰ পিচত এক নজিৰবিহীন ঘটনা হিচাপে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ পি এম-ডিভাইন আঁচনিৰ অধীনত ৭,৫৯,৫২,১৭৮ টকা ব্যয়ৰে কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোণেশ্বৰস্থিত পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰিবলগীয়া নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বিয়লি এইদৰে কয়। আধাৰশিলা স্থাপনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই আঁত ধৰা ৰাজহুৱা সভাত তেওঁ মন্ত্ৰী হিচাপে নিজৰ সমষ্টিত উক্ত আঁচনিৰ মাত্ৰ এখন বিদ্যালয়ৰ নতুন ভৱনৰ অনুমোদন লাভ কৰাৰ বিপৰীতে কমলপুৰ বিধানসভা সমষ্টিত চাৰিখন বিদ্যালয়ৰ নতুন ভৱনৰ অনুমোদন লাভ কৰা ঘটনাই সমষ্টিটোৰ বিধায়ক দিগন্ত কলিতাৰ জনপ্ৰিয়তা প্ৰমাণ কৰিছে বুলি কয়। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান আহিছে বুলি মন্তব্য কৰি তেওঁ স্নাতকোত্তৰ পৰীক্ষাত অৱতীৰ্ণ হৈয়ে ঘৰৰ ওচৰৰ মহাবিদ্যালয়খনত অধ্যাপক হোৱাৰ দিন উকলিল বুলি কয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা আৰু স্বাস্থ্যসেৱাত অধিক গুৰুত্ব প্ৰদান কৰি ৰাজ্যত ২৪খনকৈ চিকিৎসা মহাবিদ্যালয় আৰু প্ৰতিখন জিলাতে একোখনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ জৰিয়তে শিক্ষাক্ষেত্ৰৰ আমূল পৰিবৰ্তন সাধন কৰিবলৈ বিজেপি চৰকাৰ সক্ষম হৈছে বুলি মন্তব্য কৰি তেওঁ পূৰ্বৰ অগপ চৰকাৰৰ দিনত একাংশ দলীয় কৰ্মীয়ে শিক্ষকৰ দৰে মহান বৃত্তিত নিযুক্তি লাভ কৰাৰ বিপৰীতে বৰ্তমান বিজেপি চৰকাৰে শিক্ষাৰ্থীসকলৰ সুনিশ্চিত ভৱিষ্যৎ গঢ়াৰ লক্ষ্যৰে মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি দিছে বুলি কয়। বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰিলেই শিক্ষাৰ মান উন্নত নহয় বুলি উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক আত্মবিশ্বাস আৰু একগ্ৰতাৰে শিক্ষা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে  এইক্ষেত্ৰত শিক্ষক আৰু অভিভাৱকসকলক দায়িত্ব অপৰিসীম বুলি কয়। হাজোৰ বিধায়ক সুমন হৰিপ্ৰিয়া, কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত আয়ুক্ত নৰসিং বে, কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, ৰঙিয়াৰ মহকুমাধিপতি দেৱাশীষ গোস্বামী, পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ চন্দ্ৰ শৰ্মা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি ধীৰেণ শইকীয়াই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতে বাইহাটা শিৱ মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত ভাৰত বিকাশ যাত্ৰা কাৰ্যসূচীত কমলপুৰৰ সমষ্টিৰ অন্তৰ্গত দগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঙিয়াৰ মধ্যপাণ্ডুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হাজো এচ বি আৰ কে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে ৮ কোটি টকাকৈ আনুমোদন দিয়ে আৰু ইয়াৰ উন্মোচন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় ক্ৰমে দিগন্ত কলিতা আৰু সুমন হৰিপ্ৰয়া উপস্থিত থাকে।

প্ৰেৰক দীপক দাস

You might also like