মোৰ বিজয় দুশ শতাংশই নিশ্চিত : নৱ কুমাৰ শৰণীয়া
নিয়মীয়া বাৰ্তা, ১ মাৰ্চ : কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমৰ শৰণীয়াই আজি তামুলপুৰ প্ৰেছ ক্লাৱত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে তৃতীয়বাৰৰ বাবে তেওঁ কোকৰাঝাৰৰ সাংসদ হ’বলৈ গৈ আছে৷ সাংবাদিকৰ সতে হোৱা বাৰ্তালাপত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কয় কোকৰাঝাৰ সমষ্টিত নৱ কুমাৰ শৰণীয়াৰ ভোট ইফাল-সিফাল নহয় ৷ তেওঁ কয় কিছু সন্দেহৰ অৱকাশ আছিল যদিও সেয়া দূৰ কৰা হৈছে৷ যিহেতু কোকোৰাঝাৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নাথাকে সেই ভোট নৱ কুমাৰ শৰণীয়াৰ তাতেই পৰিব বুলিও তেওঁ দাবী কৰে ৷ কোকৰাঝাৰত তেওঁৰ সতে কাৰ যুঁজ হ’ব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে বিজেপি, ইউপিপিএল সমৰ্থিত প্ৰাৰ্থী আৰু বিপিএফৰ প্ৰাৰ্থীৰ মাজত মূল যুজঁ হব বুলি মন্তব্য কৰে৷ অৱশ্যে তেওঁলোক যদি তিনিটা মিলি এটাও হয় তথাপি নৱ কুমাৰ শৰণীয়াৰে জয় নিশ্চিত বুলি তেওঁ দাবী কৰে৷ কোনো শক্তিয়েই তেওঁৰ বিজয়ত বাধা দিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁৰ বিজয় দুশ শতাংশই নিশ্চিত বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে। তেওঁ কয় যে তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰাই বিটিচিত শান্তি ঘূৰি আহিছে ৷ ঠিক তেনেকৈ ধন দাবী,কমিছনৰাজ বন্ধ হৈছে ৷ মাটি বাৰীৰ কথাটো ৰাজনৈতিক বিষয় ৷ বিটিচিৰ ভূমি নীতি সম্পৰ্কতো বহু গুৰুত্ব পূৰ্ণ মন্তব্য কৰে সাংসদ গৰাকীয়ে৷ তেওঁ বিটিচিত নতুন ভূমি নীতিৰ প্ৰয়োজনীয়তাৰ কথা দাবী কৰে৷ নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ পত্ৰ ৰোধ সম্পৰ্কত তেওঁ কয় নৱ কুমাৰ শৰণীয়া পূৰ্বেও জনজাতি আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতো জনজাতি হৈয়ে থাকিব৷ কোনো ষড়যন্ত্ৰই তেওঁক নিৰ্বাচন খেলাৰ পৰা বিৰত ৰাখিব নোৱাৰে ৷ তেওঁ কয়, নৱ কুমাৰ শৰণীয়াই এইবাৰো নিৰ্বাচনত নমিনেচন দিব, একচেপ্ট হ’ব আৰু তৃতীয়বাৰৰ বাবে কোকৰাঝাৰ সমষ্টিৰ সাংসদ হ’ব৷ কোনো ষড়যন্ত্ৰই তেওঁক বাধা দিব নোৱাৰে ৷ আগন্তুক লোকসভা নিৰ্বাচনত তেওঁৰ দলে কত কত প্ৰাৰ্থী থিয় কৰাব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় কোকোৰাঝাৰ, দৰং-ওদালগুৰি আৰু ডিফুত জিএছপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব৷ অকল সেয়াই নহয় অৰুণাচল, মেঘালয়, কোচবিহাৰ, দাৰ্জিলিঙকে ধৰি দেশৰ পঞ্চাশটাতকৈ অধিক সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰস্তুতি চলি থকাৰ কথা সাংসদগৰাকীয়ে জানিবলৈ দিয়ে ৷ আজি সাংসদ নৱ কুমাৰ শৰণীয়াক সংগ দিয়ে বিটিচিৰ প্ৰাক্তন এমচিএলএ বনমালী ৰাভাৰ লগতে কেইবাজনো জিএছপি দলৰ সদস্যই ৷
প্ৰেৰক ৰজনী বৰ্মন