নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সময়ত অফিচলৈ নহা বিষয়া-কৰ্মচাৰীক ধমক মৰিগাঁও জিলা আয়ুক্তৰ

🔹 এচিএছ বিষয়াৰ আধাদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ

বাৰ্তা বুৰো,  ২ মাৰ্চ : মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাই জিলাৰ প্ৰশাসনিক সংস্কাৰ সাধনৰ বাবে লৈ অহা বিভিন্ন যোগাত্মক পদক্ষেপৰ বিপৰীতে একাংশ প্ৰশাসনীয় বিষয়া আৰু কৰ্মচাৰীয়ে নিয়মানুৱৰ্তিতা-দায়িত্ববোধৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি বিভিন্ন সময়ত নিজ কাৰ্যালয়ত সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ লাভ কৰাৰ পিছতে আজি হঠাৎ জিলা আয়ুক্তগৰাকীয়ে নিজ কাৰ্যালয়তে ছাদেন ভিজিট দিয়াৰ পিছতে খঙত অগ্নিশর্মা হৈ পৰে জিলা আয়ুক্তগৰাকী। কাৰণ কাৰ্যালয়ৰ সময় আৰম্ভ হোৱাৰ পিছতো আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল প্ৰায়সংখ্যক প্ৰশাসনীয় বিষয়া। এজন বিষয়াই মৰণোত্তৰ পৰীক্ষাৰ দায়িত্ব আৰু এগৰাকী ছুটীত থকাৰ বিপৰীতে বাকীসকল বিষয়া অনুপস্থিত থকা বাবে সেইসকল বিষয়াৰ আধা দিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়ে জিলা আয়ুক্তই। আনহাতে, একেদৰে একাংশ কৰ্মচাৰীৰ ক্ষেত্ৰতো একেই ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে তেওঁ। আনহাতে, সোমবাৰৰ পৰা প্ৰতিটো চৰকাৰী কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতি মনিটৰ কৰা হ’ব বুলি ঘোষণা কৰিছে জিলা আয়ুক্তই।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like