🔹 আন কেইবাজনকো ঘটনাৰে জড়িতৰ সন্দেহত গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা
🔹 দোষীক উচিত শাস্তিৰ দাবীত থানাত পুৰুষ-মহিলাৰ ভিৰ
নিয়মীয়া বাৰ্তা, ২ মাৰ্চ : শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত পাতিদৈ ভেৰেলা গাঁৱত যোৱা ২৭ তাৰিখে ৰূপালী কোচ বড়ো (২৯) নামৰ এগৰাকী বনকৰা মহিলা মালিকৰ ঘৰৰ পাছফালে মৃত অৱস্থাত উদ্ধাৰ হৈছিল আৰু উক্ত ঘটনাৰ ৰহস্য উদঘাটনৰ চেষ্টা অব্যাহত থকাৰ মাজতে আজি আৰক্ষীয়ে ঘৰৰ মালিক দিবাকৰ দে’ক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰা ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে দিবাকৰ দে’ নামৰ লোকজনৰ ঘৰত বনকৰা হিচাপে নিয়োজিত ৰূপালী কোচ বড়ো নামৰ মহিলাগৰাকী যোৱা ২৬ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল আৰু পিছদিনা অৰ্থাৎ ২৭ তাৰিখে মালিকৰ চাৰি মহলীয়া ঘৰৰ পাছফালে মহিলাগৰাকী মৃত অৱস্থাত উদ্ধাৰ হয় ৷ অঞ্চলটোৰ নিজ গৰুবন্ধা গাঁৱৰ বাসিন্দা গোলোক কোচৰ কন্যা আৰু মাদুৰীবিল গাঁৱৰ বাসিন্দা ৰাজীৱ বড়োৰ পত্নী ৰূপালী কোচ বড়ো (২৯) পাতিদৈ ভেৰেলা গাঁও নিৱাসী তথা অঞ্চলটোৰ বিশিষ্ট ব্যৱসায়ী হিচাপে পৰিচিত দিবাকৰ দে’ৰ ঘৰত বনকৰা মহিলা হিচাপে নিয়োজিত হৈ আছিল ৷ ৰূপালী কোচ বড়োৰ স্বামী ৰাজীৱ বড়োৰ সৈতে কাজিয়া লাগি এটা ১২ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে নিজ গৰুবন্ধা গাঁৱৰ পিতৃগৃহত থাকি আৰ্থিক দুৰৱস্থা দূৰ কৰিবলৈ বনকৰা কামত নিয়োজিত হয় ৷ প্ৰথমে পিতৃৰ ঘৰৰ পৰা দৈনিক মালিকৰ ঘৰলৈ অহা-যোৱা কৰা আৰু পাছলৈ ব্যৱসায়ীজনৰ ঘৰত স্থায়ীভাৱে থাকি বনকৰা কাম কৰে ৷ প্ৰায় ৮ বছৰ ধৰি দিবাকৰ দে’ৰ ঘৰত বনকৰা হিচাপে থকা ৰূপালী কোচ বড়ো মালিকৰ ঘৰত পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছিল ৷ ইয়াৰ মাজতে যোৱা ২৬ তাৰিখে মহিলাগৰাকী সন্ধিয়া ভাগৰ পৰা সন্ধানহীন হৈ আছিল আৰু নিশাৰ ভাগলৈকে তেওঁৰ শুংসূত্ৰ নোপোৱাত দিবাকৰ দে’ৰ পৰিয়ালৰ লোকে পুৱতি নিশালৈকে সকলো ঠাইত ৰূপালী কোচ বড়োক বিচাৰি চলাথ কৰে ৷ মালিকৰ ঘৰৰ পৰা সন্ধানহীন হোৱা মহিলাগৰাকীৰ বিচাৰ-খোঁচাৰ চলি থকাৰ মাজতে ২৭ তাৰিখে পুৱা ৭ মান বজাত দিবাকৰ দে’ৰ চাৰি মহলীয়া ঘৰৰ পাছফালে ৰূপালী কোচ বড়োৰ মৃতদেহ উদ্ধাৰ হয় আৰু মৰ্মান্তিক ঘটনাটোৰ খবৰ চাৰিওপিনে বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ উপৰি স্থানীয় লোক ভিৰ কৰে ৷ পাছত ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হোৱাত আৰক্ষীয়ে মৃতদেহটো ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে আৰু সমান্তৰালকৈ উক্ত ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ চেষ্টা অব্যাহত ৰাখে ৷ ইয়াৰ মাজতে শুকুৰবাৰে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ পৰা ঘটনা সন্দৰ্ভত এজাহাৰ লাভ কৰাৰ পাছত মিছামাৰী থানাৰ আৰক্ষীয়ে ঘৰৰ মালিক দিবাকৰ দে’ক থানালৈ আনে আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত গ্ৰেপ্তাৰ কৰি আজি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে ৷ আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, ঘৰৰ মালিকৰ উপৰি আৰু কেইবাজনো লোক উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ উমান পাইছে আৰু শীঘ্ৰে তেওঁলোকো গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে ৷ ইফালে, উক্ত ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দিবাকৰ দে’ক জে’ললৈ প্ৰেৰণ কৰাৰ পূৰ্বে মিছামাৰী থানাত মৃত মহিলাগৰাকীৰ পৰিয়ালবৰ্গৰ উপৰি একাংশ পুৰুষ-মহিলাই ভিৰ কৰি আৰক্ষীৰ ওচৰত উচিত শাস্তিৰ দাবী তোলা পৰিলক্ষিত হয় ৷
প্ৰেৰক বগা তপ্ন