নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনশিৰিত বিহ দিবলৈ অহা দুজনক হাতে-লোটে কৰায়ত্ত : আৰক্ষীৰ ৰহস্যজনক ভূমিকা

বিশেষ বাৰ্তা,  ২ মাৰ্চ : গোলাঘাটৰ ধনশিৰি নৈত বিহ ঢালি মাছ-কাছ আদি জলজ প্ৰাণী হত্যাৰ উদ্দেশ্যে অহা দুজন যুৱকক কালি নিশা স্থানীয় ৰাইজে মাৰাত্মক বিহসহ হাতে-লোটে ধৰি আৰক্ষীক চমজাই দিয়াৰ পিছত আজি গোলাঘাট থানাৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে দুয়োজনকে এৰি দিয়ে ৷ জানিব পৰা মতে, নৈখনৰ পানী কমাৰ সময়তে প্ৰতিবছৰে বিহ ঢালি মাছ-কাছকে ধৰি জলজ প্ৰাণী হত্যা কৰি অহাটো সাধাৰণ ঘটনাত পৰিণত হৈ আহিছে ৷ নৈত বিহ দিয়া এই বিষয়টোত ধনশিৰি পুৰণা দলঙৰ কাষৰ স্থানীয় লোকে সহজভাৱে নলৈ কালি নিশা নদীৰ পাৰত সন্দেহজনকভাৱে বিচৰণ কৰা তিনিজন লোকৰ পিছ লয় ৷ ৰাইজৰ খেদাত এজন পলাই সাৰে যদিও নিশা ১০.৪০ মান বজাত দুজনক ৰাইজে কৰায়ত্ত কৰে আৰু দুৰ্বৃত্তকেইজনে লুকুৱাই ৰখা MEOTHRIN নামৰ মাৰাত্মক বিহৰ দুটা বটল, হেণ্ড গ্ল’ভছ আৰু বিহ দিয়া যতন উদ্ধাৰ কৰি গোলাঘাট আৰক্ষীক চমজাই দিয়ে ৷ ইয়াৰ পিছতে থানাত দুৰ্বৃত্তকেইজনৰ আত্মীয় আৰু সাংবাদিক উপস্থিত হয় ৷ কিন্তু আৰক্ষীয়ে ৰহস্যজনকভাৱে দুৰ্বৃত্তকেইটাক এৰি দিয়ে ৷ এই ঘটনাত আৰক্ষীৰ ৰহস্যজনক ভূমিকা থকা বুলি সচেতন মহলত চৰ্চা হৈছে ৷ উল্লেখযোগ্য যে প্ৰতিবছৰে দৈয়াং, ধনশিৰি নৈত বিহ দি মাছ-কাছ আদি নিধন কৰে যদিও দুৰ্বৃত্ত ধৰা নপৰে ৷ দুয়োখন নৈৰ পানী মানুহৰ লগতে বনৰীয়া আৰু ঘৰচীয়া জীৱ-জন্তু, পশু-পক্ষী আদিয়ে সেৱন কৰে ৷ বিশেষকৈ ধনশিৰি নৈৰ পানী গোলাঘাট পৌৰসভাই উত্তোলন কৰি চহৰৰ বিভিন্ন ৱাৰ্ডত আৰু হোটেলসমূহত যোগান ধৰি আহিছে ৷ সময়ে সময়ে এনে বিহযুক্ত পানী সেৱন কৰাৰ ফলত চিকিৎসালয়সমূহতো ৰোগীৰ সংখ্যা বৃদ্ধি পায় ৷ কালি নিশা ৰাইজে কৰায়ত্ত কৰা লুৰুকীহাটৰ যুৱক দুজনক জেৰা কৰা হ’লে বহু কথা পোহৰলৈ আহিলহেঁতেন বুলি সচেতন মহলত চৰ্চা হৈছে ৷
প্ৰেৰক দিগন্ত কুমাৰ বৰা
You might also like