বজালী ৰূপদিগাৰ যুৱক জ্যোতিষ কলিতা সন্ধানহীন
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ ∶ পাটাছাৰকুছি থানাৰ অন্তৰ্গত ৰূপদিগা গাঁৱৰ জ্যোতিষ কলিতা নামৰ (৪০) বিবাহিত যুৱক এজন কালিৰে পৰা সন্ধানহীন হৈ আছে৷ স্বৰ্গীয় দেবেন্দ্ৰ নাথ কলিতাৰ পুত্ৰ ৰূপদিগা নিবাসী জ্যোতিষে গুৱাহাটীৰ নুনমাটি নেপালী চকত গেলামালৰ দোকান দি জীৱিকা নিৰ্বাহ কৰি আছিল৷ তেওঁ পত্নী আৰু একমাত্ৰ কন্যাৰ লগত গুৱাহাটীতে আছিল৷ কালি ঘৰুৱা মাটিবাৰী সংক্ৰান্তীয় কামত ৰূপদিগাৰ নিজৰ ঘৰলৈ অকলে গুৱাহাটীৰ পৰা বাছেৰে ৰূপদিগালৈ আহিছিল৷ এটি এঘাৰ বছৰীয়া কন্যা সন্তানৰ পিতৃ জ্যোতিষে নিজ ঘৰলৈ আহি থাকোঁতে পত্নী সংগীতা কলিতাই শেষবাৰৰ বাবে দিনৰ ১১ মান বজাত জ্যোতিষৰ সৈতে ফোনত কথা পাতিছিল৷ তেতিয়া গৃহাভিমুখী জ্যোতিষে বৰমা পাইছিল বুলি জনাইছিল৷ তাৰ পিচত তেওঁক ফোনত পোৱা নাই বুলি সাংবাদিকক পত্নী সংগীতা কলিতাই জানিবলৈ দিয়ে৷ আনহাতে সংগীতাক পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি জ্যোতিষৰ ভতিজাক এজনে নিজ গৃহত ভাত পানী খোৱাৰ পিচত টিহু চকত গুৱাহাটীমুখী গাড়ীত উঠাই দিছিল কালি দুপৰীয়া সময়ত৷ পতিৰ কোনো সম্ভেদ নাপাই সংগীতাই আজি পাটাছাৰকুছি থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত পাটাছাৰকুছি থানাত লিখিতভাবে অবগত কৰে৷ সময় অতিবাহিত হোৱাৰ লগে লগে ঘটনাটো অধিক ৰহস্যৰ মাজত সোমাই পৰিছে৷ বাতৰি লিখা পৰলৈ জ্যোতিষ সন্ধানহীন হৈ আছে৷
প্ৰেৰক উৎপল মেধি