নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াৰ বিকল্প হ’বই নোৱাৰে

বৰমাত সাংসদ নৱ কুমাৰ শৰণীয়াৰ সংবাদ মেল
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিবলৈ মাজত মাথোঁ কেইটিমান দিন বাকী। আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বৰমাত সংবাদ মেল আয়োজন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ অবড়ো সংগঠনে কোনোপধ্যেই নৱ শৰণীয়াৰ বিকল্প বিচাৰি উলিয়াব নোৱাৰে বুলি মত প্ৰকাশ কৰে। নৱ কুমাৰ শৰণীয়াৰ নিচিনা প্ৰাৰ্থী থাকিলে তেওঁ কোকৰাঝাৰ এৰি দিবলৈ প্ৰস্তুত বুলি অবড়ো সুৰক্ষা সমিতিৰ মাধৱ ৰাজবংশীলৈ প্ৰশ্ন উত্থাপন কৰে। সাধাৰণ শ্ৰেণীৰ ৰাইজ তেওঁৰ লগত থকা বুলি দোহাৰি নেতাবোৰৰ মনৰ ক্ষোভ দূৰ কৰিব বুলি জনাই তেওঁ কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা দোহাৰে। ইয়াৰোপৰি দৰং-ওদালগুৰিতো প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি কয়। আনহাতে দেশৰ কেইবাটাও লোকসভা সমষ্টিত গণ সুৰক্ষা পাৰ্টীৰ পৰা প্ৰাৰ্থী দিব বুলি অৱগত কৰে। ইফালে আজি বৰমাত মন্ত্ৰী ইউ জি ব্ৰহ্মই নৱ শৰণীয়াক নমিনেচন নিদিবলৈ কোৱা কথাটোত নৱ শৰণীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইমান এগ্ৰেচিভ নহ’বলৈ  সকলোকে আহ্বান সাংসদ নৱ কুমাৰ শৰণীয়াৰ। প্ৰাৰ্থিত্ব সকলোৱে দিব পাৰে তাত কোনো বাধা নাই। গতিকে ইউ জি ব্ৰহ্মই নমিনেচন নিদিবলৈ কোৱা মানে নৱ শৰণীয়াক লৈ শংকিত হোৱা বুলি মত প্ৰকাশ কৰে। সংবাদ মেলত ইউপিপিএল আৰু জিএছপিৰ কোনো মিত্ৰতা নাই বুলি কয়। মিত্ৰতা থকা বুলি যদিহে প্ৰমোদ বড়োই ভাবে তেন্তে সাংসদ নৱ কুমাৰ শৰণীয়াক সমৰ্থন জনাবলৈও আহ্বান জনায়। নৱ কুমাৰ শৰণীয়াক পৰাজিত কৰিবলৈ ইউ পি পি এল দলে ডেমী প্ৰাৰ্থী বিচাৰি আছে বুলি অভিযোগ তুলি ইউ পি পি এলৰ নিৰ্বাচনী বাজেট প্ৰায় ২০০ কোটি বুলিও মন্তব্য কৰে। তেওঁ নাথাকিলে পুনৰ বিটিচিত আদিবাসী, কোচ ৰাজবংশী আৰু সংখ্যালঘু মুছলমানৰ শংকা নামি আহিব বুলি কয়। জয়লাভ কৰাৰ পিছত এন ডি এক সমৰ্থন নকৰে বুলিও নৱ কুমাৰ শৰণীয়াই প্ৰকাশ কৰে। নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত নৱ কুমাৰ শৰণীয়াই আন এক বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰি কয় যে শ্ৰীৰামপুৰ গেটত প্ৰতিদিনে চলি আছে অবাধ ছিণ্ডিকেট, তথ্য পোৱাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব নলয় বুলি মত প্ৰকাশ কৰে।
প্ৰেৰক পংকিল বৰ্মন
You might also like