নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰমোদ বড়োৰ উপস্থিতিত ৰুণিখাতাত সহস্ৰাধিকৰ ইউপিপিএলত যোগদান

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিআৰত ৰাজনৈতিক দলত যোগান অনুষ্ঠানৰো যেন জোৱাৰ উঠিছে। বিশেষকৈ শাসকীয় মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰধান অংশীদাৰ ইউপিপিএল দললৈ বিপিএফ ত্যাগ কৰি যোগদান কৰা নেতা, কৰ্মীৰ সোঁত ব’বলৈ আৰম্ভ কৰিছে। আজি চিৰাং জিলাৰ সদৰ মহকুমা অন্তৰ্গত ৰুণিখাতাৰ সমীপৱৰ্ত্তী থাইকাঝোৰাত ১২০০তকৈ অধিক বিভিন্ন দল তথা সংগঠনৰ নেতা কৰ্মীয়ে প্ৰমোদ বড়োৰ উপস্থিতিত ইউপিপিএল দলত যোগান কৰ। যোগান কৰাসকলৰ অধিকাংশই বি পি এফ দলৰ নেতা-কৰ্মী বুলি ইউপিপিএলৰ দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ১৪ নং চিৰাং দুৱাৰ ব্লক কমিতিৰ উদ্যোগত ৰায়নো স্প’ৰ্টিং ক্লাব তথা পুথিভঁৰাল খেল পথাৰত অনুষ্ঠিত যোগদান সমাৱেশত কেইবা সহস্ৰাধিক দলীয় কৰ্মী তথা স্থানীয় ৰাইজৰ সন্মুখত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী,কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,পাৰিষদ মাধৱ ছেত্ৰীৰ লগতে ইউপিপিএল দলৰ অন্যান্য জ্যেষ্ঠ নেতা তথা বিষয়ববীয়া সকলে নৱাগত সকলক উষ্ম আদৰণি জনায়। আজি বিপিএফ দল ত্যাগ কৰি ইউপিপিএলত যোগান কৰা সকলৰ ভিতৰত লাইমুতি প্ৰাথমিকৰ উপ সভাপতি পানীৰাম বসুমতাৰী, আশ্ৰাওবাৰী প্ৰাথমিকৰ উপ সভাপতি বীৰবল বসুমতাৰী, আশ্ৰাওবাৰী প্ৰাথমিক যুৱ সমিতি আৰু মহিলা সমিতিৰ উপ সভাপতি ক্ৰমে তেপা বসুমতাৰী,ৰতিমা বৰগয়াৰী অন্যতম। আনহাতে এন ডি এফ বি(এছ)ৰ গৃহ সচিব সুমন্ত বসুমতাৰী ওৰফে বি চিনাইহাং আৰু প্ৰাক্তন ছাত্ৰ নেতা প্ৰজিৎ মুছাহাৰীৰ লগতে বিপিএফৰ বহু সংখ্যক সক্ৰিয় সদস্য আৰু দলীয় কৰ্মীয়েও ইউপিপিএল দলত যোগদান কৰে। যোগান কাৰ্যসূচীৰ পাছত একেটা স্থানতে বি টি আৰ প্ৰধান প্ৰমোদ বড়োই বীৰ চিলাগাং বসুমতাৰী সোঁৱৰণী মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। ২০২৩-২৪ বৰ্ষৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ৫কোটি টকা ব্যয় সাপেক্ষে উক্ত মিনি ষ্টেডিয়ামটো নিৰ্মাণ কৰা হ’ব। ষ্টেডিয়ামটো সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ পৰা আৰু বহু প্ৰতিভাৱান খেলুৱৈয়ে নিজৰ নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব বুলি প্ৰমোদ বড়োই মন্তব্য কৰে।

প্ৰেৰক বিপুল কুমাৰ দাস
You might also like