নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূৰ্কংচেলেক ৰে’ল ষ্টেচনত ‘জয় শ্ৰীৰাম’ ধ্বনি,  ২৮০গৰাকী তীৰ্থযাত্ৰীৰ অযোধ্যাৰ ৰাম মন্দিৰ যাত্ৰা

নিয়মীয়া বাৰ্তা,  ৫ মাৰ্চ : ৰাম মন্দিৰ ভ্ৰমণ কৰিবলৈ তীৰ্থযাত্ৰীসকলৰ বাবে চৰকাৰে বিশেষ ৰে’ল মুকলি কৰিছে৷ বৰ্তমান এই বিশেষ ২০০খন আস্থা ৰে’ল দেশজুৰি চলাচল কৰি আছে। মঙলবাৰে দিনৰ ৯ বজাত ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্ত মূৰ্কংচেলেক ৰে’লৱে ষ্টেচনৰ পৰা অযোধ্যা অভিমুখী বিশেষ আস্থা ৰে’লখনে যাত্ৰা আৰম্ভ কৰে৷ অসম-অৰুণাচল সীমান্তৰ জোনাই মহকুমাৰ পৰা মুঠ ৪০গৰাকী আৰু ধেমাজি জিলাৰ পৰা মুঠ ২৪০গৰাকী তীৰ্থযাত্ৰীয়ে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ ০০১৭৬ নম্বৰৰ  ৰে’লেৰ অয্যোধ্যালৈ যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰাত ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কমান,  উপ-সভাপতি পাৰ্থ চেত্ৰী, পূব জোনাই বিজেপিৰ সভাপতি আদিত্য বৰুৱা, সম্পাদক  বিনোদ দলেয়ে প্লেগ অফ কৰে ৷ ‘জয় শ্ৰীৰাম’ ধ্বনিৰে মুখৰিত হৈ পৰে মূৰ্কংচেলেক ৰে’লৱে ষ্টেচন৷
প্ৰেৰক কৰবী দলে
You might also like