নিৰ্বাচনৰ পিছতেই ৰাজ্যত তীৰ জুৱা-নকল সোণৰ বেহাৰ বিৰুদ্ধে অভিযান
লখিমপুৰত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
বিশেষ বাৰ্তা, ৬ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব তীৰ জুৱা নকল সোণ আদিৰ বিৰুদ্ধে অভিযান। অহা ২০২৬ চনৰ ভিতৰত বন্ধ হব বাল্যবিবাহ। আজি লখিমপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। প্ৰসংগক্ৰমে তেওঁ কয়, বিধানসভাৰ সিদ্ধান্তমৰ্মে ৰাজ্যত জৰাফুঁকাও বন্ধ হব। লখিমপুৰৰ নাওবৈচা সমষ্টিৰ সম্পর্কে মুখ্যমন্ত্রীগৰাকীয়ে কয়, সমষ্টিটোত ভেঞ্চাৰ এমএলএ আছে৷ ৰাইজে কংগ্রেছ আৰু এআইইউডিএফৰ মোহ ত্যাগ কৰিব পাৰিব লাগিব। তেতিয়াহে সমষ্টিটোৱে ভেঞ্চাৰ এমএলএ ৰ পৰা মুক্ত হব। প্ৰাদেশীকৃত হব এমএলএ। উল্লেখ্য আজি লখিমপুৰত ৭০৬ কোটি টকাৰ ৪৮টা বিভিন্ন আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা তথা ভূমিপূজনৰ বাবে মুখ্যমন্ত্রীগৰাকী পূৰ্বনিৰ্ধাৰিত সূচীমতে উপস্থিত হয়। তেওঁ এই বিকাশ যাত্ৰাৰ বিভিন্ন কাৰ্য্যসূচীত ভাগ লয়। পুৱাবেলা প্ৰথমে নাৰায়ণপুৰত নাৰায়ণপুৰ চিকিৎসালয়ৰ আধাৰশিলা কৰে মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতেই হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী উপস্থিত হয়গৈ লখিমপুৰৰ চুকুলিভৰীয়াত। চুকুলিভৰীয়াত মুখ্যমন্ত্ৰীয়ে ১৬ কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰা এটা সন্মিলন কেন্দ্ৰৰ উদ্বোধন কৰাৰ লগতে ভাৰ্চুৱেলী আন বহু কেইটা প্ৰকল্পৰ শিলান্যাস আৰু ভূমিপুজন কৰে। তাৰ পাছতেই লখিমপুৰৰ চুকুলিভৰীয়াত এক জনসভাতো ভাগ লয় মুখ্যমন্ত্রীগৰাকীয়ে। ভাষণ প্ৰসংগত তেওঁ কয় যোৱা দুটা বছৰত উত্তৰ অসম, দক্ষিণ অসম, উজনি অসম নামনি অসম সকলোতে সমউন্নয়ন হৈছে। ভাৰতৰ ৫খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যৰ হোৱাৰ দিশে অসম আগবাঢ়িছে। তেওঁ বিভিন্ন আঁচনিসমুহৰ ব্যাখ্যা কৰি কয় মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰশীল আঁচনিও শীঘ্রই মুকলি কৰা হব যি আঁচনিয়ে নিবনুৱাসকলে ব্যৱসায় কৰিব পাৰিব। মেট্ৰিক পাছকৰা প্ৰতিগৰাকী ১০ হাজাৰ টকা বেংক একাউন্টত চৰাকাৰে দিব। কলেজৰ পৰা ডিগ্রী লৈ গলে ১২,৫০০ টকা। ডিগ্রী পাছ কৰিলে ১৫,০০০ টকা চৰকাৰে সাহায্য দিব। লক্ষণীয় লখিমপুৰত ৪৮টা প্ৰকল্প শিলান্যাস আৰু ভূমিপূজন কৰা মুঠ ৭০৬ কোটিৰো অধিক টকাৰ ব্যয়ৰে এই প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। জনসভাখনতে লখিমপুৰ জিলাৰ ৮খন চাহ বাগিচাৰ চিকিৎসালয়ত এম্বুলেন্স বিতৰণ কৰে মুখ্যমন্ত্রীয়ে। তেওঁ উন্নয়নৰ জোৰদাৰ গতিক উল্লেখ কৰি কয় অহা ১৫টা দিনত আৰু ২৩ হাজাৰ কোটি টকাৰে উন্নয়নৰ কাম সম্পূর্ণ কৰিম। আজি মুখ্যমন্ত্রীগৰাকীয়ে ভাৰ্চুৱেলী লখিমপুৰ-ঢকুৱাখনাত আৱৰ্ত ভৱন, গান্ধী ময়দানৰ শুভ উদ্বোধন কৰে। তেওঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত BSE নাৰ্চৰ প্ৰশিক্ষণ কেন্দ্র সংযোজন কৰাৰ লগতে চলিত বৰ্ষতে লখিমপুৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হব বুলি কয়। দুটা বছৰত ৯৭ হেজাৰ নিবনুৱাই নিযুক্তি পোৱাৰ কথা উল্লেখ কৰি তেওঁ অচিৰেই আৰু ৩৫ হেজাৰ চাকৰিৰ বিজ্ঞাপন দিয়া হব বুলি কয়। ৰাজ্যৰ উজনি নামনি সকলোতে সমবিকাশৰ জোৱাৰ উঠা বুলি উল্লেখ কৰি অসমত নৱ দিগন্তৰ সূচনা হোৱা বুলি তেও কয়। অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ শাৰীলৈ উন্নীত কৰিব খোজে বুলি আশা ব্যক্ত কৰি ইতিমধ্যে ৰাজ্য খনে সেই দিশে আগবঢ়া বুলি তেওঁ কয়। তেওঁ আৰু কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত দেশৰ বিৰাট পৰিৱৰ্তন হৈছে। তেওঁ অসমক ফলে ফুলে জাতিস্কাৰ কৰাৰ বাবে কাম কৰিছে। মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হলে অসমৰ উন্নয়নৰ সীমা অসীমলৈ গতি কৰিব বুলি মুখ্যমন্ত্রীগৰাকীয়ে প্ৰত্যয়ভৰা বক্তব্য আগবঢ়ায়। যোৱা ২৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা বিকাশ যাত্রা ১৪ এপ্রিললৈ চলিব আৰু বিকাশ যাত্রাৰ তৃতীয় পৰ্যায়ত ব্যয়ৰ পৰিমাণ এক লাখ কোটিলৈকে বঢাব বুলি কয় মুখ্যমন্ত্রীগৰাকীয়ে। তেওঁ আৰু কয় কভিডকালীন পৰিস্থিতিয়ে ৰাজ্যৰ উন্নয়নত স্থবিৰতা আনিছিল। তিনি কোটি ৫০ লাখ মানুহৰ ঘৰলৈ ভেকচিন দি জীৱন ৰক্ষা কৰিব লগীয়া হৈছিল।পৰৱৰ্তী দুটা বছৰত লোৱা উন্নয়নী সংকল্পসমুহ এতিয়া সিদ্ধি হৈছে। অসমৰ আটাইতকৈ পিছপৰা লখিমপুৰ জিলা আজি আটাইতকৈ নতুন দিগন্তৰ সূচনা হৈছে। অৰুণোদয়, মিছন বসুন্ধৰা আদি আঁচনিসমূহৰ কথা তেওঁ উল্লেখ কৰে। অসমত ২৩খন মেডিকেল কলেজৰ সপোন বাস্তব হোৱা, মিছন বসুন্ধৰাৰ জৰিয়তে ২১ লোকৰ মাটি বাৰীৰ সমস্যা সমাধান আদি দিশসমূহক উল্লেখ কৰি তেওঁ আৰু কয় ৰাজ্যৰ আন্দোলনৰ পৰিৱেশ বন্ধ হল। শিক্ষাৰ পৰিবেশ গঢি উঠিছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালত অৰুণোদয়, আয়ুস্মান আদি বিভিন্ন কাৰ্ড অথবা আচনিৰে সমৃদ্ধ কৰা আদি লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য অহা ৮ আৰু ৯ তাৰিখে প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহি কাজিৰঙাত নৈশযাপন কৰিব আৰু পৰিগণিত হব প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে কাজিৰঙাত নৈশ যাপন কৰা। ৯ তাৰিখে লাচিতৰ প্ৰতিমূৰ্তি উন্মোচনৰ দিনা একাংশ ই বিভিন্ন ইছ্যুত প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰসংগত তেওঁ কয় সেই দিনা কোনো অসমীয়াই আন্দোলন কৰিব বুলি মই নাভাবো। মুখ্যমন্ত্রীগৰাকীৰ আজিৰ এই কাৰ্যসূচীসমূহত তেওঁৰ সৈতে সাংসদ প্ৰদান বৰুৱা, পবিত্র মাৰ্ঘেৰিটা, বিধায়ক মানৱ ডেকা আদিয়েও সহযোগ কৰে।
প্ৰেৰক জীৱন গোস্বামী