নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাৰ বিধায়কক ‘ভেঞ্চাৰ বিধায়ক’ আখ্যা ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ভেঞ্চাৰ বিধায়ক থাকিলে উন্নয়নৰ মুখ নেদেখে সমষ্টি বাসীয়ে 
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ স্বৰাজোত্তৰ ৭৬ বছৰ অতিক্ৰম কৰা পাচতো উন্নয়নৰ মুখ নেদেখা সকলো দিশতে অবহেলিত  অনুন্নত ,অতি পিছপৰা  নাওবৈচা সমষ্টিৰ সৰ্বাঙ্গীণ উন্নয়নৰ  এইবাৰ দাৰিত্ব লব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ লখিমপুৰত বিকাশ যাত্ৰাত ৮০৭ কোটি টকা ভূমি পূজন, শিলান্যাস আৰু নতুন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত এনেদৰে বক্তব্য আগবঢ়ায় ৷ সমষ্টি উন্নয়ন হবলৈ হলে জনসাধাৰণ সজাগ হব লাগিব৷ সমষ্টিটো ভেঞ্চাৰ বিধায়কৰ হাতত, ভেঞ্চাৰ হলে উন্নয়ন হব বুলি মন্তব্য আগবঢ়ায়৷ এইবাৰ নাওবৈচা আৰু ৰঙানদী পৃথক সমষ্টিৰ হৈছে আৰু প্ৰাদেশীকৃত হব ৷ প্ৰাদেশীকৃত হলেই বিকাশ যাত্ৰা অবিৰতভাৱে হব লগতে নাওবৈচা সমষ্টিত কৃষি আৰু মীন বিপ্লৱৰ নতুন দিগন্ত সুচনা হব কিন্তু সমষ্টিবাসীয়ে ভেঞ্চাৰ বিধায়কক প্ৰাদেশীকৃত কৰিব লাগিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে  নাওবৈচা সমষ্টিৰ ইছলাম ধৰ্মী লোকসকলক কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মোহ ত্যাগ কৰি উন্নয়ন মুখী হবলৈ আহবান জনায় ৷
প্ৰেৰক সুদীপ্ত দাস
You might also like