নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ হোলোঙাপাৰত মহাবীৰ লাচিত বৰফুকনৰ সুউচ্চ প্রতিমূর্তি উন্মোচন

🔹 বীৰ লাচিত বৰফুকন অসমৰ সাহস আৰু দৃঢ়তাৰ প্রতীক : মোদী

বিশেষ বার্তা, ৯ মার্চ : স্বাভিমানী অসমীয়া জাতিক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেখা এটি সুদূৰপ্রসাৰী সপোন সাকাৰ হ’ল আজি৷ বিশ্বসভাৰ দিশে অগ্রসৰ হ’ল অদম্য সাহস, ত্যাগ, শৌর্য–বীর্য আৰু বিচক্ষণতাৰ নিদর্শন তথা প্রতিগৰাকী অসমীয়াৰ সিৰাই সিৰাই স্পন্দিত হৈ থকা জাতীয় বীৰ লাচিত বৰফুকন ৷ আজি দুপৰীয়া ১২.২৬ বজাত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী যোৰহাটৰ হোলোঙাপাৰস্থিত মৈদামত উপস্থিত হয়৷ উপস্থিত হৈয়ে প্রধানমন্ত্রী মোদীয়ে জাতীয় বীৰগৰাকীৰ বীৰত্বগাথা সুঁৱৰি টাই আহোম পৰম্পৰাৰে তর্পণ কৰে৷ সেই স্থানতেই লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে প্রতীকী হেংদাং, মুগাৰ চাপকণ আৰু টাই আহোমাৰ টুপীৰে প্রধানমন্ত্রীক আদৰণি জনায়৷ ইয়াৰ পাছতে প্রধানমন্ত্রী মোদীয়ে ৪২ ফুট উচ্চতাৰ বেদীসহ মুঠ ১২৫ ফুট উচ্চতাৰ প্রতিমূর্তিটো উন্মোচন কৰে৷ মৃদংগৰ ধ্বনি, ১০০গৰাকী মূলাগাভৰুৰ টাই প্রার্থনা আৰু টাই পুৰোহিতৰ মন্ত্রোচাৰণৰ মাজতে প্ৰধানমন্ত্রী মোদীয়ে আনুষ্ঠানিকভাৱে ফলকৰ আঁৰ কাপোৰ টানি বিশাল প্রতিমূর্তিটো উন্মোচন কৰে৷ ইয়াৰ পাছতেই প্রধানমন্ত্রী মোদীয়ে বিশাল প্রতিমূর্তিটোত সংস্থাপন কৰা বিশেষ লিফটেৰে স্তম্ভৰ ওপৰলৈ উঠি উপস্থিত ৰাইজক সম্বোধন কৰে৷ ভাষণত প্রধানমন্ত্রী মোদীয়ে নিজকে সৌভাগ্যৱান বুলি উল্লেখ কৰি কয় যে বীৰ লাচিত বৰফুকন অসমৰ সাহস আৰু দৃঢ়তাৰ প্রতীক৷ ২০২২ চনত নতুন দিল্লীত মহান বীৰগৰাকীৰ ৪০০সংখ্যক জন্মজয়ন্তী অতি আড়ম্বৰ আৰু সন্মানেৰে উদযাপন কৰাৰ কথা স্মৰণ কৰি প্রধানমন্ত্রী মোদীয়ে সাহসী যোদ্ধাজনৰ প্রতি মূৰ দোঁৱায়৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ২১৪ কোটি টকা ব্যয়েৰে হাতত লোৱা এই প্রকল্প দক্ষিণ-পূব এছিয়াৰ অন্যতম সাংস্কৃতিক গৱেষণা কেন্দ্র হিচাপেও চিহ্ণিত হ’ব৷ আজি প্রধানমন্ত্রীয়ে সুউচ্চ লাচিত বৰফুকনৰ প্রতিমূর্তি উন্মোচনৰ লগে লগেই অসমৰ পর্যটন ক্ষেত্রত নৱসংযোজন ঘটিল আন এক পর্যটনস্থলীৰ৷ বিশ্ব পর্যটনৰ দিশত মুকলি হ’ল আন এক দুৱাৰ৷

You might also like