🔹 চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত দুগৰাকী ছাত্ৰী
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : ডিমা হাছাও জিলাৰ থাইজুৱাৰীত শনিবাৰে এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । নিজ বিদ্যালয়ৰ সন্মুখতেই এজন ব্যক্তিৰ চাৰিচকীয়া বাহনৰ খুন্দাত কৰুণভাৱে অকাল মৃত্যুক সাবটিলে দুই ছাত্ৰীয়ে । হামৰি সৰস্বতী বিদ্যামন্দিৰ বিদ্যালয়লৈ দুগৰাকী ছাত্ৰীয়ে পৰীক্ষা দিবলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই শোকাৱহ ঘটনা । উল্লেখযোগ্য যে ডিয়োংব্ৰা আৰক্ষী থানাৰ অন্তৰ্গত থাইজুৱাৰীত অৱস্থিত হামৰি সৰস্বতী বিদ্যামন্দিৰ বিদ্যালয়লৈ পৰীক্ষা দিবলৈ যোৱা ২য় শ্ৰেণীৰ ছাত্ৰী ১১ বছৰীয়া ডেবিলিছা থাউচেন আৰু নাৰ্ছাৰীত অধ্যয়নৰত ৮ বছৰীয় নাইচ্ৰিংডি লাউবাংডিচাক বিদ্যালয়ৰ সন্মুখতে নেলচন লংমাইলাইৰ ব্যক্তিগত চাৰিচকীয়া বাহনখনে খুন্দিওৱাত দুয়োগৰাকী ছাত্ৰী গুৰুতৰভাৱে হয় । ইফালে, ছাত্ৰী দুগৰাকীক ততাতৈয়াকৈ হাফলং অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে দুয়োগৰাকী ছাত্ৰীক মৃত ঘোষণা কৰে। ইফালে, এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত হামৰি সৰস্বতী বিদ্যামন্দিৰ বিদ্যালয়ৰ পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখা হয় । এই ঘটনাৰ ফলত ডিয়ুংব্ৰাৰ থাইজুৱাৰীত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ