🔹 অগ্নিকাণ্ডত সৰ্বস্ব জাহ যোৱা এটা পৰিয়ালক এদিনতে সাজি দিলে ঘৰ
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱালে ঢকুৱাখনাৰ এখন গাঁৱৰ ৰাইজে।মানুহ মানুহৰ বাবে,তাকেই যেন প্ৰমাণ কৰি দেখুৱালে ঢকুৱাখনাৰ দাংধৰা পঞ্চায়তৰ অন্তৰ্গত খজুৱা পাতিৰ গাঁৱৰ ৰাইজে। যি সময়ত ব্যস্ত সমাজ ব্যৱস্থাত দুখৰ সময়তো এজনে আনজনক এষাৰ মাত দিবলৈ সময়ৰ অভাৱ ঘটিছে, তেনে সময়তে খজুৱা পাতিৰ গাঁৱত ব্যতিক্ৰমী ৰূপত দেখা গ’ল অঞ্চলটোৰ ৰাইজক। ভয়ংকৰ অগ্নিকাণ্ডত সৰ্বস্ব জাহ যোৱা এটা পৰিয়ালক এদিনতে ঘৰ সাজি দিলে স্থানীয় ৰাইজে। উল্লেখ্য যে যোৱা ৭ মাৰ্চৰ সন্ধিয়া অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল ঢকুৱাখনাৰ দাংধৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত খজুৱা পাতিৰৰ মংগলসিং পাতিৰ নামৰ লোকজনৰ দুটাকৈ বাসগৃহ। ভয়ংকৰ অগ্নিকাণ্ডত সকলো হেৰুৱাই নিঃস্ব হৈ পৰিছিল পৰিয়ালটো। স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপণ কৰে যদিও সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হৈছিল মংগলসিং পাতিৰৰ ঘৰৰ সকলো আচবাব, সা-সামগ্ৰী, ধন-সম্পত্তি। প্ৰয়োজনীয় নথি-পত্ৰ সকলো জাহ গ’ল জুইত। নিমিষতে গৃহহীন হৈ পৰিছিল মংগলসিং পাতিৰৰ পৰিয়াল। কিন্তু এনে ঘোৰ বিপদৰ সময়ত দুৰ্ভগীয়া পৰিয়ালটোক অকলে এৰি নিদিলে গাঁওখনৰ ৰাইজে। হাতে হাতে দা, কুঠাৰ, সা-সঁজুলি লৈ ওলাই আহিল গাঁওবাসী। খজুৱা পাতিৰ গাঁৱৰ ৰাইজে মানৱতা আৰু মহানুভৱতাৰ পৰিচয় দাঙি ধৰি অসহায় পৰিয়ালটোক শনিবাৰে সাজি দিলে এটা বাঁহৰ ঘৰ। গাঁওখনৰ যুৱকসকলৰ পৰা বয়োবৃদ্ধলৈকে একগোট হৈ বাৰীৰ বাঁহ-বেত, কাঠ সংগ্ৰহ কৰি শ্ৰমদান কৰি দুৰ্ভগীয়া পৰিয়ালটোক এদিনৰ ভিতৰতে নিৰ্মাণ কৰি দিয়ে বাসোপযোগী এটি টিনৰ চালিৰ বাসগৃহ। কিছুসংখ্যক লোকে দুৰ্ভগীয়া পৰিয়ালটোক প্ৰদান কৰিলে খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় বস্ত্ৰ। আন কোনোবাই গোটাই আনিলে বাচন-বৰ্তন। জুইত সকলো হেৰুৱালেও এতিয়া অন্তত: মুকলি আকাশৰ তলত থাকিব নালাগে দুৰ্ভগীয়া পৰিয়ালটো। যি সময়ত ব্যস্ত সমাজ ব্যৱস্থাত দুখৰ সময়তো এজনে আনজনক এষাৰ মাত দিবলৈ সময়ৰ অভাৱ ঘটিছে, তেনে সময়তে ঘোৰ বিপদৰ সময়ত পৰিয়ালটোৰ কাষত থিয় দি গাঁওবাসীয়ে মানৱতাৰ যি পৰিচয় দাঙি ধৰিলে, তাক সমগ্ৰ অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে। আচলতে, এনে সৰু-সুৰা কামেই মানুহ হোৱাৰ মন্ত্ৰ যোগায় বাৰে বাৰে।
প্ৰেৰক পুলকজ্যোতি বৰা