পাঁচ বছৰৰ ভিতৰত সমগ্ৰ বিশ্ব খোজকাঢ়ি পৰিদৰ্শনৰ চেষ্টা অষ্ট্ৰেলিয়ান যুৱকৰ
🔹 নগাঁৱৰ পুৰণিগুদামত ৰাজপথৰ কাষত এজোপা ফুলৰ তলত চিবেষ্টীয়ান হাও
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : নাম চিবেষ্টীয়ান হাও। কম বয়সীয়া সুন্দৰ যুৱকজন সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা আহি পাইছেহি ভাৰত। তাৰ পিছত অসমলৈ, দুভৰিক সাৰথি কৰি লাহে লাহে উজনিৰ তিনিচুকীয়ালৈ বুলি যাত্ৰা চিবেষ্টীয়ানৰ। নগাঁও জিলাৰ পুৰণিগুদামত ৰাজপথৰ কাষতে এঘৰৰ পদূলি শুৱনি কৰি থকা এজোপা পুষ্পৰ তলত এপলক বহি জিৰণি লৈছে চিবেষ্টীয়ানে। কেৱল দুভৰিৰ সাহসতে খোজকাঢ়িয়েই সাত সাগৰ তেৰ নদী পাৰ হৈ বৰ্তমানে পুৰণিগুদাম পাইছেহি চিবেষ্টীয়ান। প্ৰকৃততে চিবেষ্টীয়ান হাও নামৰ অষ্ট্ৰেলিয়াৰ উদীয়মান যুৱকজনে পাঁচ বছৰৰ ভিতৰত সমগ্ৰ বিশ্ব খোজকাঢ়ি পৰিদৰ্শন কৰাৰ মনস্থ কৰিছে। যাৰ জৰিয়তে যুৱকজনে নিজৰ শাৰীৰিক আৰু মানসিক সক্ষমতা পৰীক্ষা কৰাৰ প্ৰচেষ্টা কৰাই নহয়, প্ৰতিখন দেশৰ মানুহৰ মানসিকতাৰ ওপৰত সম্যক ধাৰণা কৰাৰো কিঞ্চিত প্ৰয়াস কৰিছে। ভাৰতবৰ্ষ এখন বৰ্ণিল কলা-সংস্কৃতিৰে পৰিপূৰ্ণ দেশ বুলি কোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰাট কোহলিৰ প্ৰতি প্ৰতিজন দেশবাসীৰ মাজত থকা আকুলতা দেখি অভিভূত বিদেশী পৰ্যটক চিবেষ্টীয়ান। শীঘ্ৰেই ভাৰত ভ্ৰমি থাইলেণ্ড আৰু ইণ্ডোনেছিয়াত প্ৰৱেশ কৰি চীন অভিমুখী হ’ব বুলি জনালে চিবেষ্টীয়ান হাও-এ।
প্ৰেৰক মানৱ বৰা