নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ প্রার্থী তালিকাক লৈ কাইলৈ দিল্লীত কংগ্রেছৰ চিইচিৰ বৈঠক

🔹 দিল্লীত উপস্থিত ভূপেন বৰা–দেৱব্রত শইকীয়া

🔹 ২০২৬ৰ পূর্বে অসমত নিঃশেষ হ’ব কংগ্রেছ : আজমলৰ ভৱিষ্যদ্বাণী

বিশেষ বাৰ্তা, ১০ মার্চ : অসমৰ কংগ্রেছৰ প্রার্থী তালিকাক লৈ সকলো জল্পনা-কল্পনা অৱসান হোৱাৰ পথত৷ কাইলৈ নতুন দিল্লীত এআইচিচিৰ মুখ্য কার্যালয়ত বিয়লিৰ ভাগত অনুষ্ঠিত হ’ব অসমৰ প্রার্থী বাছনিক লৈ কংগ্রেছৰ চিইচিৰ বৈঠক৷ কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, কে চি বেণুগোপাল আদিৰ উপস্থিতিত হ’বলগীয়া সেই বৈঠকতে চূড়ান্ত হ’ব ৰাজ্যখনৰ ১৪টা লোকসভা সমষ্টিৰ কংগ্রেছ প্রার্থী৷ ইতিমধ্যে উক্ত বৈঠকত অংশগ্রহণৰ বাবে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্রত শইকীয়া নতুন দিল্লীত উপস্থিত হৈছে৷ বিৰোধী দলপতি শইকীয়াই আজি দিল্লীলৈ যোৱাৰ পূর্বে সংবাদ মাধ্যমৰ আগত কয় যে কাইলৈৰ বৈঠকতে অসমৰ প্রার্থী তালিকা চূড়ান্ত হ’ব৷ কাইলৈৰ দিনটোত অসমকে ধৰি বিভিন্ন ৰাজ্যৰ প্রার্থী তালিকা সম্পর্কত চিইচিত আলোচনা হ’ব৷ অসমৰ সম্পর্কত বিয়লিৰ ভাগত বৈঠক অনুষ্ঠিত হ’ব৷ নিশাৰ ভাগলৈ অন্যান্য ৰাজ্যৰ লগতে অসমৰ প্রার্থী তালিকাও দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব৷ তেওঁ আৰু কয় যে বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ দলৰ একাংশই ইতিমধ্যে নিজাববীয়াকৈ প্রার্থী তালিকা প্রকাশ কৰিছে৷ প্রদেশ কংগ্রেছে এতিয়াও বুজাবুজিৰে তেওঁলোকৰ সৈতে আসন বুজাপৰা কৰাৰ পক্ষপাতী৷ কিন্তু তেওঁলোকে যিহেতু ইতিমধ্যে প্রার্থী তালিকা ঘোষণা কৰিছে সেয়ে সমগ্র বিষয়টো দলৰ শীর্ষ নেতৃত্বই বিবেচনা কৰিব৷ ঐক্যমঞ্চৰ অন্যতম অংশীদাৰ দল অজাপই ডিব্রুগড়ৰ আসনখন বিচৰাৰ উল্লেখ কৰি বিৰোধী দলপতি শইকীয়াই কয় যে আঞ্চলিক দল হিচাপে তেওঁলোকৰ সৈতে মিত্রতা প্রদেশ কংগ্রেছ পর্যায়ত হ’ব৷ সেই অনুসৰি দলে প্রার্থী তালিকা চূড়ান্ত কৰিব৷ মন কৰিবলগীয়া এয়ে যে এইবাৰ কংগ্রেছৰ প্রার্থী বাছনিৰ ক্ষেত্রত নগাঁও আৰু ধুবুৰী লোকসভাক লৈ যথেষ্ট জটিলতাৰ সৃষ্টি হৈছে৷ নগাঁৱৰ আসনখনত বর্তমানৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে পুনৰ প্রার্থিত্ব বিচৰাৰ সমান্তৰালভাৱে ধুবুৰীৰ আসনখনত ৰকিবুল হুছেইনে সবল প্রার্থিত্বৰ দাবীদাৰ হিচাপে আত্মপ্রকাশ কৰিছে৷ ইয়াৰ বিপৰীতে বর্তমানৰ বৰপেটাৰ সাংসদ আব্দুল খালেকেও এইবাৰ ধুবুৰীত প্রার্থিত্ব বিচাৰিছে৷ এনে অৱস্থাত কাইলৈ প্রার্থী বাছনিৰ বাবে হ’বলগীয়া চিইচিৰ বৈঠকখন অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ দলৰ হাইকমাণ্ডে প্রার্থী বাছনিৰ ক্ষেত্রত সঠিক পদক্ষেপ ল’ব নোৱাৰিলে অসমত কংগ্রেছত আন এক নতুন সংকটে মূৰ দাঙি উঠাৰ সম্ভাৱনা উলাই কৰিব নোৱাৰি৷ এই সমস্ত ছবি দলে আনুষ্ঠানিকভাৱে প্রার্থী তালিকা প্রকাশৰ পাছতেই স্পষ্ট হৈ পৰিব৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে তৃণমূল কংগ্রেছৰ সভানেত্রী মমতা বেনার্জীয়ে পশ্চিমবংগৰ লগতে অসম, মেঘালয় আদি ৰাজ্যতো এককভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ ঘোষণা কৰিছে৷ তৃণমূল কংগ্রেছৰ এক সূত্রৰ পৰা জানিব পৰা মতে, অসমত কংগ্রেছৰ প্রার্থী তালিকা প্রকাশ হোৱাৰ পাছতেই তৃণমূল কংগ্রেছে ৰাজ্যখনত প্রার্থী তালিকা প্রস্তুতৰ কাম আৰম্ভ কৰিব৷ স্বাভাৱিকতে এই মুহূর্তত ৰাজনৈতিক মহলত চর্চিত হৈছে– কংগ্রেছৰ টিকটৰ পৰা বঞ্চিত একাংশ নেতাক তেওঁলোকে দললৈ আনি আসন্ন লোকসভা নির্বাচনত তৃণমূল কংগ্রেছৰ প্রার্থী হিচাপে প্রক্ষেপ কৰিব৷ এইক্ষেত্রত কংগ্রেছৰ বহুকেইগৰাকী নেতাৰ নাম চর্চিত হৈ আছে৷ ইপিনে, কংগ্রেছৰ প্রার্থী তালিকা চূড়ান্ত হোৱাৰ প্রাক্মুহূর্তত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে ২০২৬ চনৰ পূর্বে অসমত কংগ্রেছ দল নিঃশেষ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে৷ আসন্ন লোকসভা নির্বাচনত এআইইউডিএফ দলে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জৰ আসনত জয়লাভ কৰিব বুলি আজমলে দাবী কৰে৷

You might also like