নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ মাৰ্চত দ্বিতীয়বাৰৰ বাবে বটদ্ৰৱালৈ গৃহমন্ত্ৰী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ গুৰুজনাৰ জন্মস্থানত নিৰ্মীয়মান হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ গুৰু আসন ভাগৰ শুভাৰম্ভ কৰিবলৈ  অহা ১৫ মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ঐতিহাসিক বিৰল মুহূৰ্তৰ সাক্ষী হ’ব সমগ্ৰ অসমবাসী। সেইদিনা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ জাতীয় জীৱনৰ বাবে ঐতিহাসিক ক্ষণ হ’ব। কাৰন সেই দিনা গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতেৰে ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ পৰ্যটক দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰিব। উল্লেখযোগ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহুপ্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল। আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আতাইতকৈ উখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মান কৰা হৈছে। যোৱা ১০ মাৰ্চত এখন  বিশেষ বিমানেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি কাম কাজৰ খতিয়ান লয়। ইতিমধ্যে এই বটদ্ৰৱা প্ৰকল্প থলীত নগাঁও-বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মা নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ২০১৬ চনত বিজেপি চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতেই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ ১৬৫ বিঘা ভূমি বেদখলমুক্ত কৰি সেই স্থানতেই ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণকাৰ্য্য আৰম্ভ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাত আটকধুনীয়াকৈ নিৰ্মাণ কৰা “বটদ্ৰৱা প্ৰকল্প”টি অহা ১৫ মাৰ্চত দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে মুকলিৰ পূৰ্বে আজি প্ৰকল্প ভাগত উপস্থিত হৈ কামৰ অগ্ৰগতিৰ বুজ ল‌য় বিধায়ক ৰূপক শৰ্মাই। লগতে ১৫ মাৰ্চত গৃহমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া জনসভাখনৰ প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰে বিধায়ক শৰ্মাই। আজি বটদ্ৰৱা প্ৰকল্পটিৰ পৰিদৰ্শন কালত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। গৃহমন্ত্ৰী অমিত শ্বাহক আদৰাৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে।
প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা
You might also like